তোমাক বিচাৰোতেই মই হেৰাই পালোঁ ব’হাগ
অৰ্চনা গীতা শইকীয়া
(এক)
জোনবাইৰ পৰা ধাৰত লোৱা মোনা সীয়া বেজীটো
আজি-কালি আমাৰ বুকুত চলে…খট্ খট্…
যেন ৰণাঙ্গণৰ এটা ৰণুৱা ঘোঁৰা।
বুকুখন হানি খুছি বেজীটো চলি থাকিলেও তেজ নোলায়
বুকুৰ পতাখন এটুকুৰা গোট মৰা হিমবাস…
ঠিক সহৃদয়তাৰ উত্তাপ পালেই যেন গলি যাব।
বাকচৰ জাপতে মামৰ লগা মনটোত উথপ্ থপ্।
কুলিজনীৰ মাতৰ আঁত ধৰি এয়া মই তোমাৰ গাঁৱত।
(দুই)
শুকান নৈ, বান্ধি থোৱা নাওঁ। দলঙাবোৰ ওপঙি আছে পানীত।
শিপিনীহীন তাঁতশালবোৰো পৃথিৱীৰ উশাহৰ কম্পনত কম্পিত
অথচ, ইফালৰ পৰা সিফাললৈ মাকোবোৰ দৌৰি ফুৰা নাই
পেটফুলা মহুৰাৰ পেটত নাই ৰঙা-বগা সূতা
এসময়ৰ ঢুলীয়া চেনাইহঁতচোন বছৰেকৰ বিহুটোত
আলহী খাবলৈহে উভতিছে ঘৰলৈ
নাচনীৰ জাকবোৰতো গাভৰু নাই..
আছে উদাসী যৌৱন।
জেতুকী হাতবোৰ গোন্ধহীন
ওলমি থকা কপৌপাহি পাৰিবলৈ আমাৰ হাতবোৰো চুটি।
(তিনি)
“ব’হাগৰ শুভেচ্ছা”
মোবাইলৰ স্ক্ৰীণত তোমাৰ বাৰ্তা
আইৰ বুকুত সেই একেই মোনা সীয়া বেজীৰ খট্ খটনি
“ব’হাগত আহি তাইক মোৰ কৰি লৈ যাম” বুলি দিয়া কথা….
চাপৰিৰ লঠমা দৈৰ টেকেলি…
তোমাৰ হাতেৰে নেঘেৰী খোপাত গুজিব খোজা কপৌ পাহি…
মৰহা ব’হাগ চেনাই…
মলঙা ব’হাগ।
(চাৰি)
লঠঙা ডালটিত ফাগুনহে বহি আছে আজিও….
যি ব’হাগত তুমি দিয়া কথাৰ জড়তা ভাগিছিল
যি ব'হাগত মোৰ চেনাই ‘ঢুলীয়া’ হৈছিল
সেই ব'হাগ নোহোৱা হোৱাৰ বতৰা কোনে দিয়ে!
মই তোমাক বিচাৰিছিলোঁ
বিচাৰোঁতে মই মোক পালোঁ
দুখবোৰ পখালি নতুনকৈ এই ব’হাগৰ প্ৰেমত পৰিছিলোহে….
কি যে বিসম্বাদ,
তোমাক বিচাৰোঁতেই হঠাৎ হেৰাই পালোঁ মই
মোৰ হেৰোৱা ব’হাগো।
মাত্ৰ এতিয়া আৰু এই ব’হাগ তোমাৰ নামৰ নহয়
মাত্ৰ এতিয়া এই ব’হাগ প্ৰতিশ্ৰুতি-ভৰুণ নহয়।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment