বাৰ-দৈ-চিখলা
গাৰ্গী ভূঞা
যোৰহাট
সময় হৈছে,
এজাক মায়াবিনী গাভৰু-বতাহে সপোনবোৰ তছনছ কৰাৰ...
সময় হৈছে,
এজাক উতনুৱা পানী-বতাহে মেলি থোৱা কাগজ-কানিবোৰ লেউসেউ কৰাৰ...
নিজ সময়ে পৃথিৱী ঘূৰি
সময়চক্ৰে সলনি হয় ঋতু
আকাশ ভ্ৰমি নিজ সঁজাত কিৰিলিয়াই পক্ষীকুলে আহি
সময় হৈছে,
গধূলিগোপালে থাপনাৰ সমুখত হৰি-নাম জোৰাৰ….
যি শিলাবৃষ্টি দেখি ভয় খায়
সি ৰামধেনু দেখি দৌৰি আহে
ঘৰৰ চোতালৰ টেঙাফলজোপা পিছে
কলিতে কেহা, ৰসাল আৰু হালধীয়া হৈ শুকায়
মোৰ দৰে সৰুগাঁঠিত সময় নাবান্ধি
অনুকুলে-প্ৰতিকুলে গাভৰু পানী-বতাহজাক বলিয়ে থাকে
সময় হৈছে,
অপেশ্বৰীৰ ঘন চুলিৰ দৰে কজলা মেঘে গিৰ্ গিৰ্ কৰাৰ…..
আমাৰ দৰে হাতৰ মুঠিতে সময় হেৰুৱাই
ঘৰ পাহৰা পথিকতো নহয়
বাৰ-দৈ-চিখলা...!
শব্দর্থঃ বাৰ-দৈ-চিখলা = বৰদৈচিলা, বড়োসকলৰ মতে ‘বাৰ’ (বতাহ), ‘দৈ’ (পানী) আৰু ‘চিখলা’ (গাভৰু) অৰ্থাৎ বতাহ-বৰষুণৰ গোসাঁনী।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment