বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি



 বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি 


নাছিৰ আহমেদ 

শিমলাবাৰী, গোৱালপাৰা


বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?

বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি !

এতিয়াও এমুঠি অন্নৰ বাবে,

এখন বস্ত্ৰৰ বাবে,

এটি বাসস্থানৰ বাবে 

কৃষক-শ্ৰমিকৰ ঘৰত নিৰন্তৰ হাহাকাৰ!


অথচ, কৃষকৰ নাঙলৰ সিৰলুত সোণৰ ফচল ফলে,

সেউজ-বননিৰে এই ধৰাখনি ভৰপূৰ হৈ পৰে,

ঘৰে ঘৰে ৰূপোৱালী হাঁহিৰ নিজৰা বৈ যায়।

শ্ৰমিকৰ হাতুৰীৰ কোবত বৃহৎ বৃহৎ অট্টালিকাসমূহ গঢ়ি উঠে,

কল-কাৰখানাত দ্ৰব্য-সামগ্ৰী উৎপাদন হয়,

যান-বাহনৰ চলাচল আৰম্ভ হয়,

গাঁও-চহৰ-নগৰ নিৰ্মাণ হয়,

মানৱ -সভ্যতাৰ উকমুকনি ঘটে।


      তথাপি এমুঠি মুদ্ৰাৰ বাবে,

      অকণমান সংস্থাপনৰ বাবে,

      আত্ম-সন্মানৰ সৈতে জীয়াই থাকিবলৈও 

এতিয়াও কৃষক-শ্ৰমিকৰ ঘৰত নিৰন্তৰ হাহাকাৰ!

বাটে-পথে নাৰী বিবস্ত্ৰা,

নৰক যন্ত্ৰণাৰ বোজা কঢ়িয়াই পাৰ কৰে শিশু সন্তান,

সন্ত্ৰাসবাদীৰ আগ্নেয়াস্ত্ৰৰ আঘাতত জৰ্জৰিত যুৱক-যুৱতীসকল,

বৃদ্ধাশ্ৰমেই হয় বৃদ্ধ-বৃদ্ধাৰ শেষ আশ্ৰয়স্থল। 


বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?

বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি !

এতিয়াও পুঁজিপতি কৰ্প’ৰেট গোষ্ঠীৰ দপদপনি —

এই ড্ৰাগনৰূপী অত্যাচাৰী শোষক-শ্ৰেণীয়ে সমাজত অহৰ্নিশে চলাইছে শোষণ, নিৰ্যাতন, হত্যা, লুট আৰু ধৰ্ষণ!

প্ৰতি মুহূৰ্ত্তে ভুলুণ্ঠিত হৈছে মানৱ-অধিকাৰ।

এতিয়াও 

প্ৰাপ্য শিক্ষাৰ বাবে,

সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে,

প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুকাবেলা কৰাৰ বাবে 

কৃষক-শ্ৰমিক আৰু নিছলা দুখীয়াৰ ঘৰত নিৰন্তৰ হাহাকাৰ!


বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি 

এতিয়া সাৰে আছে মাথোঁ শোষকৰ দল

সাৰে আছে সিহঁতৰ সূক্ষ্ম শোষণ-যন্ত্ৰ! 

নিষ্ঠুৰ, স্বৈৰাচাৰী শাসকে নিৰীহৰ বুকুত চলাই গৈছে নিৰ্মম উচ্ছেদ কাৰ্য।

সিহঁতৰ ঘৰ গৈছে উঁৱলি,

ভেটি-মাটি গৈছে জহিখহি,

পিন্ধনৰ বস্ত্ৰ গৈছে ফাটি-চিঙি।


অথচ! তথাপি ভঙা নাই সিহঁতৰ টোপনি।

বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি!

বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি!

ডাছ-কেপিটেলৰ বহু পৃষ্ঠা বাকী!!


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages