ৱান জিৰ’ এইট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

ৱান জিৰ’ এইট


 ৱান জিৰ’ এইট


মফিজুদ্দিন চৌধুৰী

নগাঁও


“মা, খাবলৈ কিবা অকণমান দিবানে? মই বৰ ভোকত আছোঁ, ৰাতিৰ পৰা একো এটা খাবলৈ পোৱা নাই।”

    দুৰ্বল মাতটোৰে বৃদ্ধ মগনীয়াজনৰ শুকান মুখখন দেখি নতুন গৃহিনী তৃষ্ণাৰ হৃদয়খন মৰমতে পমি গ’ল। তেওঁক ক্ষন্তেক বহিবলৈ দি ভিতৰলৈ সোমাই গ’ল। কিছুসময়ৰ পাছত এগিলাচ পানীৰে সৈতে ভাত-আঞ্জাৰে ভৰা থালি এখন মানুহজনৰ আগত থলেহি। বুঢ়াই স্বৰ্গখন যেন হাততে ঢুকি পালে। কোনোমতে পানী অকণমান চটিয়াই লৈ গো-গ্ৰাসে খাবলৈ আৰম্ভ কৰিলে। তৃষ্ণাই দেখিলে, হাতখন ভালকৈ ধোৱাই নহ’ল।

      পুহ মহীয়া দুপৰীয়া। কোমল ৰ’দ এটা আছে যদিও উম লগাতকৈ ঠাণ্ডাৰ ভাৱটোহে বেছি। তৃষ্ণাৰ বাহিৰে ঘৰখনত এতিয়া কোনো নাই। তাই  দুপৰীয়াৰ অতিথি জনৰ ভাত খোৱালৈ মৰমেৰে চাই আছে। কিবা লাগিব নেকি সোধ-পোচও কৰি আছে।

      এটা সময়ত অতিথিজনৰ খোৱা শেষ হ’ল। হাত-মুখ মচাৰ পাছত অকণমান চাধাৰে সৈতে তামোল এখনো আনি দিলেহি তাই। সুধিলে―

      “চাধা খায়নে তামোলৰ লগত?”

      “খাওঁ কেতিয়াবা, মাজে মাজে।”

   তামোলখন মুখত ভৰাই বুঢ়াই কলে। মাতটো এতিয়াও দুৰ্বল।

   তেওঁৰ তামোল চোবোৱাৰ মাজতে তৃষ্ণাই ইটো সিটো কথা সুধিব ধৰিলে। উত্তৰ দি থাকোঁতেই বুঢ়াৰ গাত কঁপনি উঠিল। কিনো হৈছে তাই ততেই ধৰিবই নোৱাৰিলে। বুঢ়াই বহাৰ পৰা মজিয়াতে লাহে লাহে দীঘল দি শুই পৰিল।

   তৃষ্ণাৰ থৰকাছুটি হেৰাল। তাইৰ চিঞৰ বাখৰত ওচৰৰ যি যত আছিল তৎক্ষণাত চোতালত গোট খালেহি। এক মুহূৰ্ততে গোটেইখন হুলস্থুল লাগি গ’ল‌। তাই ফোপাই জোপাই সকলোকে ঘটনাৰ আদ্যোপান্ত জনালে। তাৰে এজনে মানুহটো লৰাই চাই দেখিলে সকলো ঠিকেই আছে। কথাৰ উত্তৰো দিছে। কেৱল অত্যন্ত দুৰ্বল হোৱাৰ কাৰণে পৰি গৈছে।

    “তই ভাত খুৱাইছ খুৱাইছ, তামোল খোৱাবলৈ গৈছিলি কিয়, মৰতি?” ওচৰৰ পাভ বুঢ়ীয়ে তৃষ্ণাক ধমকি দিলে, “তাতে আকৌ চাধা। এতিয়া ক’ত মৰ মৰ। মানুহটোৰ কিবা হব লাগিলে কি হব এতিয়া?”

      বুঢ়ীৰ কথা শুনি ভয়ত তৃষ্ণাৰ অণ্ঠকণ্ঠ শুকাই গ’ল।

      এতিয়া কি কৰিব তাই একো বিচাৰি নাপালে।

      “যা, তৎক্ষণাত নেমুপানী অকণমান আনি খুৱাই দে, সোনকালে ঠিক হৈ যাব।”

      “কিয় আগেপিছে তুমি তামোলত চাধা খোৱা নাই?” বুঢ়ীয়ে বুঢ়াকো ধমক দিয়ে সুধিলে।

      “খা-ই-ছোঁ,” বুঢ়াই দোষী দোষী ভাৱেৰে ক’লে, “জা-নো, আ-জি কি-য়…”

বুঢ়াৰ মুখেৰে মাতেই ওলাব নোখোজে।   

      ঠিক সেই সময়তে হঠাতে ১০৮ গাড়ী এখন পদূলিৰ মূখত আহি ৰ'লহি। কাৰ কি হ’ল কোনেও ত’ত ধৰিব নোৱাৰিলে। হঠাতে দেখিলে, দুজন মানুহে ষ্টেচাৰ এখন লৈ ভিতৰলৈ সোমাই আহিছে। তাৰ মানে কোনোবাই...!


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages