অপূৰ্ণ সপোন....
লহৰজ্যোতি মৰাণ
নামবন নামৰ এখন গাঁৱৰ দুখীয়া ঘৰৰ দুজন ল’ৰা আছিল — অনুভৱ আৰু বিপুল। সৰুৰে পৰাই দুইজনৰ বন্ধুত্ব আছিল অটুট। খেলাধুলা কৰা, নদীত সাঁতোৰা, ৰচনাত আঁকি-আঁকি পঢ়া — সকলোতেই সঙ্গী আছিল তেওঁলোকে। পিতৃ-মাতৃয়ে আশা কৰিছিল— “আমাৰ ল’ৰা দুজনে আমাৰ গাঁওখনৰ মুখ উজ্বলাই তুলিব।” মেট্ৰিক পৰীক্ষাত দুইজনে অকল উত্তীৰ্ণ নহয়, ভালে নম্বৰ লৈ উত্তীৰ্ণ হ’ল। বিদ্যালয়ৰ অধ্যাপকেও কৈছিল, “এই ল’ৰা দুজনে আগলৈ গৈ বহুত দূৰ আগুৱাই যাব।” কিন্তু দূৰত্ব কেৱল সপোনৰ মাজতেই থাকিল। একধৰণৰ কিছুমান বন্ধুৰ লগত পৰি, তেওঁলোকে ধীৰে ধীৰে ‘আধুনিক’ হ’বলৈ ধৰিলে। চিগাৰেট, গাঞ্জা— আৰু তাৰ পাছত ব্রাউন চুগাৰ। ঘৰৰ কাম, পঢ়া-শুনা—সকলো পিছলৈ গ’ল। ঘৰৰ কাষত থাকিও ঘৰৰ পৰা বহু দূৰ হ'ল তেওঁলোকে। মাতৃয়ে ৰাতিপুৱা অপেক্ষা কৰি থাকিল— “আজি কালি ল’ৰাটোৰ মনটো সলাইছে বুলি।”
পিতৃয়ে বিছনাৰ তলৰ ফালে চাই থাকিল— “এদিন বুজিব, কিমান কষ্টৰে এই টকা সঞ্চয় কৰিছিলোঁ!”
কিন্তু বুজা নহ’ল কেতিয়াও। এদিনা, গাঁৱৰ পুৱাৰ ভাগত এটা খবৰ উৰিল— নদীৰ পাৰত দুজন ল’ৰা অচেতন অৱস্থাত পোৱা গৈছে। গাঁও খল-বল হৈ গ’ল। তেওঁলোকে আছিল অনুভৱ আৰু বিপুল। চিকিৎসালয় লৈ লৈ হ’ল চিকিৎসকে মাথোঁ ক’লে, “বহুত বেছি হ’ল...।” ঘৰৰ সপোনবোৰ ভাঙি পৰিল, দুচকুত পানীৰে নহয়—বিষাদৰে, অপমানৰে। সমাজে মাথোঁ বিচাৰ কৰিলে, সহানুভূতি নহয়। সপোন আছিল, পথ আছিল। কিন্তু ভুল বন্ধু, ভুল বাটেৰে সেই সপোন এক ‘অপূৰ্ণ সপোন’ হৈ ৰ’ল।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment