মে দিৱস
হেমেন হাজৰিকা
কামৰূপ (ম)
আজিও শৃঙ্খলমুক্ত নহ’ল
দাসত্বৰ বান্ধোন।।
ওখ মানুহবোৰ
আৰু বেছি
ওখ হৈ গৈ থাকিল।।
মেহনতী জনতাৰ
উদং দেহাৰ চাল
বেছি ডাঠ হৈ গৈ থাকিল।।
সিহঁত চাপৰ হৈয়ে থাকিল
নতুন বুলিবলৈ
একো নাথাকিল।।
সিহঁতৰো মন যায়
আকাশ চুবলৈ
মন খুলি হাঁহিবলৈ।।
শোষকবোৰৰ জিভা
দীঘল হৈয়ে থাকিল
শোষিতৰ হাড় ওলাই গ’ল ।।
মে দিৱসৰ শ্লগানৰ
ৰূপান্তৰ নহ’ল ।।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment