বীক্ষণ
চন্দনা ভাগৱতী
“কুঁহিপাত কুমলীয়া
গছৰ আগত”...
জেতুকা পাতৰ ৰং কুমলীয়া
আমাৰ হাতত।
মুগা ৰিহা গাতে মেৰিয়াই পাক এটা ঘূৰোতেই
নিপানী বুকুত বাজি উঠিল এটি সেউজীয়া গীত।
“পাৰ চৰাই উৰি গৈ
পালে নদীৰ পাৰ”...
পেহেলগামৰ চোতালেৰে বৈ গ’ল
ৰঙা নদীৰ ধাৰ।
অধঃক্ষিপ্ত মানৱতাত গতিৰ অগতি
স্তব্ধ হৈ গ’ল একো একোটা জীৱন।
“নাৰ বাত পাভ মাছ আৰু এটা কাছ”....
ইমান ! টকাত কিনি আনিলো কিয় বাৰু নাচ ?
কেনেকৈ চাবা ?
দৰিদ্ৰতাৰ পোছাকযোৰে হাঁহে
অংকটো জংক পংক হৈ জিভা-কেঁকুৰি হৈ ঘূৰে।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment