সেই দেশক দয়া কৰা
ভাবানুবাদঃ সঞ্জীৱ সাগৰ চৌধুৰী
(মূলঃ ল’ৰেন্স ফাৰলিংটি (খলিল জিব্ৰানৰ একেই নামৰ কবিতাৰে অনুপ্ৰাণিত)
যি দেশৰ জনতা ভেড়া
সেই দেশক দয়া কৰা
আৰু দয়া কৰা সেই ভেড়াৰখীয়াবোৰক
ভেড়াবোৰক যি লৈ যায় অবাটে
দয়া কৰা সেই দেশক
যি দেশৰ নেতাই আসৈ মাতে
যি দেশৰ দ্ৰষ্টাৰ কাটি পেলোৱা হয় জিভা
আৰু ধৰ্মান্ধই বিষাক্ত কৰে বতাহ
দয়া কৰা সেই জাতিক
যি ধাৰণ কৰে মৌনতা
অথচ শাসন কৰি খোজে চলে-বলে-কৌশলে
নুবুজে শোষণৰ বাহিৰে অন্য ভাষা
দয়া কৰা সেই জাতিক
যাৰ উশাহ-নিশাহ মাথোঁ টকা টকা আৰু টকা
আৰু লালকাল ভাতঘুমটিত
দয়া কৰা সেই দেশক
অ' দয়া কৰা মোৰ ওপজা ঠাইৰ জনতাক
মোৰ ওপজাঠাই, তোমাৰেই লোতক
স্বধীনতাৰ চিকুণ ভূমি…
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment