সৈনিক
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
মূল বাংলা কবিঃ ঋষি
তোমাৰ জৰায়ুত মৃত কিছু মুহুৰ্ত জন্ম ল’ব বিচাৰিছে
সেই বাঁহীবাদকজন
বহুদিন ধৰি বাঁহী বজায় বজায় এই চহৰলৈ অহা নাই ।
কেৱল দূৰৰ পৰাই শুনিবলৈ পাইছে
যুদ্ধৰ বিকট শব্দ
প্ৰতিদিন যুদ্ধ, যুদ্ধৰ মাজতেই জীয়াই জীয়াই থকা
যুদ্ধ – চহৰৰ আয়না পৰিৱৰ্তনৰ প্ৰতিফলন,
কেৱল উপস্থিতি।
চলন্তিকা যুদ্ধৰ পৰা উভতি অহা কিশোৰী
বহু মৃত্যৃৰ পৰা উভতি অহা সৈনিকে তোমাৰ পাতল মৌ পান কৰিছে।
প্ৰচুৰ মৰাশৰ সাক্ষী তুমি
সাক্ষী মই তোমাক গঢ়ি তোলা তেজ মংসৰ মানৱী মোৰ।
তুমি নিশ্চয় অৱগত যে সংগম শেষত গভীৰ টোপনি আহে
তাতেই অন্ধকাৰ ৰাতি টোপনিত লাল কাল হৈ পৰে ৰূপকথা।
ক্লান্ত সৈনিকৰ দলে উভতে ঘৰলৈ
তোমাক সাৱটি ধৰি বিচাৰি পোৱা ৰাতিৰ পৰী তেতিয়া আৰব্য সংবাদ।
তুমি চিৰকালেই আশ্ৰয়ৰ আভা
তাৰপিছত আকৌ পুৱা, আকৌ যুদ্ধৰ দামামা, আকৌ সৈনিকসকল সষ্টম হৈ যায় যুদ্ধত,
পৃথিৱীৰ সমস্ত জুই বন্দুকৰ শব্দত,
আকাশ যুদ্ধ বিমানেৰে ভৰা,
তেজে প্লাৱন আনে সৈনিকৰ বুকুত।
মৃত কিছু গল্প আজি হঠাৎ
মোৰ বুকুত তেজ হৈ গোট মাৰে
চলন্তিকা বহুদিন তোমাক স্পৰ্শ কৰা নাই
সেই আনন্দ সুখ।
তোমাৰ যোনিৰ পৰা নামি আহে তৃপ্তিৰ কামনা
কস্তৰীগন্ধাৰ মিঠা শিহৰণ
হঠাৎ যুদ্ধ বন্ধ হৈ যায়, দেখোঁ তুমি মোক মৰমেৰে সাৱটি ৰাখিছা।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment