ব’হাগী ললনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

ব’হাগী ললনা

 


ব’হাগী ললনা


                       ৱাহিদ আহমেদ

                         কাটাৰ, ডোহা


বসন্তৰ ব’তাহজাক আহিছে

বসন্তৰ চৰাইজনীয়ে

বৰ উলাহেৰে উৰি আহি কান্দিছে

তুমি শুনিছানে 

তাইৰ কুউ কুউ বিননি,

তাইৰ মিঠা মাতত

তোমাৰ হৃদয়খন

এতিয়া চাগে বৰকৈ অশান্ত

ব’হাগৰ মৰমবোৰ দিবলৈ...


বসন্তৰ চোতালত ব’হাগৰ জোৱাৰ

তোমাৰ হিয়াৰ মাজত 

চেনাইৰ সুবাস

অনুভৱি পৰশে তোমাক

দিবহি নতুন ঠিকনা

এইয়া যে দেহা মন উথলি উঠাৰ সময়


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages