শিকলি
বৰ্ণালী দাৱ বৰি
গোলাঘাট
পুৱাৰ হেঙুলীয়া ৰহন দুটি ওঁঠত পিন্ধি কিয়নো আহা ওচৰলৈ
দুচকুত ভাঁহি থাকে শৈশৱৰ
এসোপা জীয়া আৱেগ
বুকুত নাচে এপাহ চন্দ্ৰমূৰ্খী ফুল
দুপৰীয়া মথাউৰিৰ চিফুংৰ সুৰত শুনা পাওঁ
গৰখীয়া তামুলৰ কাবান
কেনেকৈ বৰ্ণনা কৰোঁ
আবেলি বেলিৰ হালধীয়া কলাফুলৰ কথা
কেনেকৈ কওঁ
পুহ মহীয়া কুঁৱলীত
মূৰত এবোজা খৰিৰ কথা
তুমিতো পোৱাই চিনি
জোনাকৰ বাট হেৰুৱা
অঘৰী মই
আশাৰ সৌধ সাজি কেনেকৈ পিন্ধি আছোঁ প্ৰতিটো সন্ধিয়া ঝিলিৰ মাতত
এযোৰ ব্যৰ্থতাৰ শিকলি।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment