নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

নীলা খামৰ চিঠি




 নীলা খামৰ চিঠি


জগত পাঠৰি 


মৰমৰ ভাস্বতী,

    

   হিয়া তলিৰ একাঁজলী মৰম যাচিলো। বহুদিন বিৰতিৰ পিছত তোমালৈ বুলি দ্বিতীয়বাৰ লিখিলো। মই নাজানো,মোৰ চিঠি তোমাৰ হাতত পৰেগৈনে নাই। তুমি সৰু এটা অজুহাততে যিদিনা মোৰ পৰা আতৰি গ’লা, সেইদিন ধৰি জীৱন মৰুত মৰীচিকা খেদি খেদি ক্লান্ত জীৱন পাৰ কৰিছো। তাহানিৰ নিবিড় মূহুৰ্তবোৰ পাহৰিব খুজিও চকুৰ আগত ভাঁহি আহে। তুমি যে মোক নিথৰুৱা কৰি আতৰি গ’লা, মোৰ বাৰু কি দোষ আছিল ? ইমান মৰম, ইমান আদৰ নেওচি এটি সামান্য অজুহাততে তুমি কেনেকৈ আতৰি যাব পাৰিলা এয়া মোৰ বাবে আজিও সাঁথৰ। ক’ত দিন, ক’ত ৰাতি নিৰৱে কান্দিলো তুমি এবাৰ হ’লেও অনুভৱ কৰা হ’লে ? এদিন বৰফ হৈ পৰিছিল চকুপানীবোৰ, শিলৰ দৰে পৰিছিল অন্তৰখন। ওৰে ৰাতি খোলা খিৰিকিৰ কাষত বহি কটাইছিলো বিনিদ্ৰা ৰজনী। মোৰ মনৰ বেদনা খিনি কাকো ক’ব নোৱাৰি মনৰ ভিতৰতে মৰহি গৈছিল জানা ?

     তুমি আতৰি যোৱাৰ পিছত বহু বসন্ত পাৰ হৈ গ’ল। পাৰ হৈ গ’ল জীৱনৰ বহু ঘাত-প্ৰতিঘাত। অতীতৰ স্মৃতি বোৰ বুকুত সাৱটি অতিবাহিত কৰিছো দুৰ্বিহ অভিশপ্ত জীৱন। বাস্তৱক মানি লোৱাৰ বাদে মোৰতো কোনো বিকল্প নাই। হেৰোৱাৰ বেদনাখিনিৰ মাজতেই নিজক প্ৰতিস্থা কৰি জীয়াই থাকিবলৈ শিকিছো। তুমি চাগৈ গম পাইছাই চলিব পৰাকৈ মোৰ এতিয়া চৰকাৰী চাকৰি এটা আছে। সকলোৱে ভাবে, মই বৰ সুখত আছো বুলি। এতিয়া মোৰ সোঁৱে-বাঁৱে সদস্য বন্ধু-বৰ্গ। তথাপি হাজাৰ ভিৰৰ মাজতো মই নিঃসংগ, অকলশৰীয়া। তোমাৰ স্মৃতি বোৰে আমনি প্ৰতিপল। ভিৰৰ পৰা আতৰি নিৰৱে কান্দো নিৰ্জন নদীৰ পাৰত। নদীৰ স’তে কথা পাতো সুখ-দুখৰ, পোৱা নোপোৱাৰ।অনুভৱ কৰোঁ বুকুত তীব্ৰ যান্ত্ৰণা।

    মৰমৰ ভাস্বতী, তোমাৰ বাৰু মনত কেতিয়াবা মোলৈ? মনত পৰেনে তোমাৰ শিৰত যে পিন্ধাইছিলো কেঁচা তেজৰ ফোট ? মনত পৰেনে ভগৱানৰ নামত শপত খাই দুয়ো এক হোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা ? কেনেকৈ মচি দিব পাৰিলা জোনৰ দৰে জিলিকি থকা শিৰৰ ৰঙা ফোটতো? মইতো তোমাৰ বেলেগ একো বিচৰা নাছিলো। বিচাৰিছিলো মাথো মৰম আৰু ভালপোৱা।

মোৰ নিঃস্বাৰ্থ ভালপোৱাখিনিক পদাঘাত কৰি পাৰ্থিৱ সুখ বিচাৰি হ’লাগৈ কাৰোবাৰ জীৱন সংগিনী। মোৰ বিশ্বাস আৰু আস্থা খিনি হত্যা কৰি তুমি জানো সুখী হ’ব পাৰিছা?

   বহুদিনৰ পিছত সিদিনা যেতিয়া তোমাক বিশাল মাৰ্টত লগ পালো মোৰ মন বৰ দুখ লাগিছিল জানা ? তুমি সুখী হোৱাৰ অভিনয় কৰিও যে মোৰ ওচৰত ধৰা পৰি গ'লা। তুমি হয়তো নিজক সজাবলৈ পাহৰি গৈছা। তোমাৰ দেহৰ চেহেৰা আৰু চকুৰ পতাৰ ক’লা ৰেখাবোৰে বহু গোপন কথাই কৈ গ’ল মোক। সেইদিনা তোমাৰ শেঁতা পৰা ওঠযুৰি দেখি মোৰ অন্তৰে কান্দিছিল। অথচ মই একোৱেই ক’ব নোৱাৰিলো। কাৰণ মইতো তোমাৰ একোৱেই নহয়। মোক প্ৰতাৰণা কৰিলেও সদায় ভগৱান খাটিছিলো, তুমি সুখী হৈ থাকা। মোৰ জীৱনলৈ অহা কিঞ্চিৎ সুখখিনিও তোমাৰ বাবেই উচৰ্গা কৰিছিলো। কিন্তু - ?

     বহু কথাই লিখিলো। মই জানো এইবোৰৰ উত্তৰ নাই।

  তুমি প্ৰতাৰণা কৰিলেও তোমাৰ স্মৃতিবোৰকে বুকুত সাৱটি জীয়াই থাকিম শেষ নিশ্বাস থকা লৈকে। আজিলৈ সামৰিছো।

        

                                               ইতি,

                                                তোমাৰ অতীত


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages