ধুমুহা
ৰফিকুল ইছলাম
তেজপুৰ
সিদিনা নিশা আহিছিল
এজাক বৰষুণ, ধুমুহা
লগতে পৰিছিল শিলৰ গুটি।
টোপনি যোৱাৰ আগত
দেখিবলৈ পাওঁ
আকাশখন ডাৱৰীয়া হৈ আছিল,
মাজ নিশাৰ ভাগত
গুৰ গুৰ শব্দই
জগাই তোলে টোপনিৰ পৰা।
সাৰ পাই উঠাৰ লগে লগে
ঘৰৰ টিনপাত উৰুৱাই
নিওঁ নিওঁ অৱস্থা।
এজাক ধাৰাষাৰ বৰষুণ
লগতে ধুমুহাই কৰে থৰক বৰক।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment