ৰোগাক্ৰান্ত পৃথিৱী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

ৰোগাক্ৰান্ত পৃথিৱী

 


ৰোগাক্ৰান্ত পৃথিৱী


                                    জুনুকা পাঠক

                                          বৰপেটা


পৃথিৱীয়ে কৈছো বন্ধু....

মোক নাঙঠ কৰি  কি পাবা ?

মাথোঁ.... 

বিশ্বসভাত নিজকে নিঃকিন

 মানৱ বুলি  গৰিহণা পাবা

ৰুদ্ৰশ্বাস  ৰোগত আক্ৰান্ত হৈ

আয়ুসৰ ৰেখাডালত শেষ বিন্দুত ওলমিবা

বন্ধু ময়েই কৈছো....

নিধন যজ্ঞ বন্ধ কৰি

 প্ৰাকৃতিক সম্পদ বোৰ  সুৰক্ষা দিয়া

কাণ পাতি শুনা বন্ধু.... 

কান্দিছে অৰুণ্য, কান্দিছে পক্ষীকুল

পশুকুলৰ বাসস্থান খহনীয়া বানত

কিয়নো....

সময়ক আমি ৰাখিব নোৱাৰো

সময় থাকোতে

 বন্ধু পুনৰীক্ষণ কৰা

বননিক সুন্দৰ কৰা

বৃক্ষৰোপন কৰি যতনাই তোলা

সেউজীয়া পৃথিৱী বন্ধু….

মোৰ উশাহ আজি মৃত্যুৰ দুলাৰদলিত

প্ৰদুষণ মুক্ত কৰি  নিৰোগী হৈ মোক উদ্ধাৰ কৰা....।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages