স্থিতপ্ৰজ্ঞ
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
সন্মুখত সূৰ্য্যৰ দৰে সকলো
সদাহাস্য ৰৌদ্ৰোজ্বল সূৰ্য্যমুখী বেশ
হৃদয় প্ৰাংগনত বাজি উঠে শংখ-নিনাদ
চকুৰ পৰ্দাত প্ৰাচীনৰ অলীক-আবেশ
শ্বাশ্বত প্ৰণয়ৰ অলীক প্ৰত্যয়
অথচ চকুৰ কোনত চেৰাপুঞ্জীৰ মেঘ
বুকুৰ ভিতৰত যেতিয়া মূষলধাৰ বৰষুণ
বাহিৰত কি ঋতু আহিছে গৈছে
মোৰ জনাৰেইবা কি প্ৰয়োজন
প্ৰেমৰ উদ্যানত কপৌ চৰাই নাই
শান্তিৰ নামত সকলোৱে মাথো
কল্পলোকৰ সু-উচ্ছ শিখৰত ঠিয় হৈ
চেৰীফুল ৰুইছে বৰফৰ পাহাৰ বগায়
শূন্যতাও কি যে এক আনন্দকৰ প্ৰহেলিকা
মই ছাঁ হীন হ’লেও দেখোন
সপোনৰ সোনালী ৰ’দ পৰি
মনৰ চোতালত পোহৰে জকমকায়
হৃদয়ত বিষন্নতাৰ ৰোদনভৰা আৰ্তি
মন জলবায়ু সেমেকা হ’লেও
মুখমণ্ডলত পূৰ্বাভাস নিষেধ
কেতিয়াবা নিজম অন্ধকাৰ
কেতিয়াবা পূৰ্ণিমা ৰাতিৰ জোনাক
অনন্ত কালৰ অনিৰ্বাণ পদ যাত্ৰা
মনৰ মাজত বসন্ত ৰঙীন নীল প্ৰজাপতি
ৰঙীন চিলা সাজি উৰুৱাই আকাশ ধিয়াই
সীমাহীন অনুভৱৰ আৰে আৰে নৌকাবিহাৰ
সমীৰণৰ দীৰ্ঘ-শ্বাস মুক-বধিৰ আবেগ
স্মৰণ হয় হিমশীতল বন্ধন
চাতকৰ প্ৰতীক্ষা নিৰৱ-নিৰ্ব্বাক
মৰ্মঘাটক অবিৰত নিশ্চুপ ক্ৰন্দন
ক্ৰমশঃ জাগে ইতিহাসৰ ইন্ধন
চকুৰ পৰ্দাত প্ৰাচীনৰ অলীক-আবেগ
শ্বাশ্বত প্ৰণয়ৰ অলীক প্ৰত্যয়
অশৃংখল শব্দবোৰ বাগৰে নিশব্দে
ঠিকনাবিহীন আৱেগ-অনুভূতি
এচেঁৰেঙা প’লৰীয়া ৰ’দ আৰু
কুঞ্চিত সময় কিম্বা নিঃস্ব বতাহৰ ৰং
উচ্ছ অভিলাষৰ ধ্বংসাৱশেষ
মৃত্তিকাতেই উদয় অৱহেলাৰ প্ৰহৰ
স্বপ্ন ভঙাৰ ভয়ত ওৰে ৰাতি উজাগৰী
অনুভূতিবোৰ বন্দী একুৰিয়ামৰ মাছৰ দৰে
হেঁপাহবোৰ বন্ধকত থৈ ধুমুহাজাকলৈ ৰৈ আছোঁ
অশ্ৰুশিক্ত দুনয়নত অব্যক্ত পানীগড়
গোপনে প্লাৱিত অক্ষিপট পখালি স্থিতপ্ৰজ্ঞ
ভগ্ন বুকুৰ বিষন্ন অনুভূতিৰ ঠেহ ভংগ
এজাক বিষাদ ধুমুহাৰ স্মৃতি-চানেকী
সমৰ্পিত হৃদয়ৰ আহত সুখৰ বন্যা
উচপ খাই উঠে মৃত সপোনৰ প্ৰেতাত্মা
অস্তৰাগৰ ফালে ৰূপান্তৰিত কুঁহেলিকা
বালিঘৰত উকা জীৱনৰ দস্তাবেজ
ধূলিকণা হয়েই জানো অপেক্ষাৰ শেষ...!
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment