আকুল পদ্য
মনজিত বৰা
কলিয়াবৰ
তুমি অহা-যোৱা বাটতো ফুল হোৱা
বহু অলিখিত কথাৰ হাঁহি খিলখিল আলাপ
তোমাৰ ওঁঠৰ ৰ'দ জিলমিল আখৰ
শুনি শুনি হেৰাই যোৱা আলসুৱা আলফুল আবেলি
তেনে আবেলিবোৰেইতো হাঁহে, খিলখিলাই
মেঘফুলৰ সুবাসত জকমকাই পাহাৰী সেউজ দলিচা
ইমানৰ পিচতো অভিমান
অশেষ অভিমানৰ আচোঁৰ ভাঙিবলে
যঠেষ্ট জানো এথুপি বকুল
বকুলেই শেষ আকুল।
দুচকুত পুতি ৰাখিব জানো পাৰি জাক জাক অৰণ্য ??
এই যে কপিব
কপি কপি তিৰবিৰাব কলিজাৰ আকাশ
দিয়া দলিয়াই
বুকুত বৰফ পুতি
যান্ত্রনাৰ বিলাস
নিমাত-নিতাল পোহৰ অকণমানে বুকুখন ৰ'দাইছে
ফুল এপাহৰ দৰে সৰি পৰা গোন্ধ এটা বুটলি
মনবননিত কাৰ জানো সঘন আহ্-যাহ্
আহা আমি আকুলতাৰ ঘৰচিৰিকা হওঁ
নয়নাভিৰাম নীলা এখিনিতে জীয়ন দিওঁ নিজেই নিজক।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment