মই কোনো কবি নহয়
সৰিফুল আলম
মায়ং, মৰিগাঁও
নহয়, মই কোনো কবি
নোৱাৰো লিখিব কবিতা
মাথো শুক্ল কাগজত
ছন্দ আকাৰে,
প্ৰকাশ কৰিব প্ৰয়াস কৰো
হ্নদয়ৰ অনুভূতি,
দাঙি ধৰিব বিচাৰো
চকুৰ মণিত ভাহা
সমাজৰ প্ৰতিকৃতি,
হাত উজটাব বিচাৰো
ন্যায়ৰ সপক্ষে, অন্যায়ৰ বিপক্ষে।
দেশৰ নামতো দুই-এষাৰ
লিখিবলৈ হাবিয়াস কৰো,
এজন প্ৰকৃত দেশ প্ৰেমিক হৈ।
নহয় ,মই কোনো কবি
নোৱাৰো লিখিব কবিতা
মাথো আছে ছন্দৰ প্ৰতি
অবিৰাম ভালপোৱা।
গোটাব বিচাৰো
অলেখ শব্দৰ ভাণ্ডাৰ,
কন্ঠ বিহীন বাক্যৰে
গঠিত হোৱা ছন্দৰে
যেন জিলিকিব পাৰে জগতত
এক সৌজন্যমূলক আশীৰ্বাদৰে।
নহয় মই কোনো কবি,
নোৱাৰো লিখিব কবিতা
মাথো, দাঙি ধৰিব বিচাৰো
ছন্দ আকাৰে,
এজন সুনাগৰিকৰ
দেশৰ প্ৰতি থকা দায়বদ্ধতা।।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment