সময়ৰ বেলা
মিনাক্ষী গগৈ
যোৰহাট জিলা
এটি বেলা, তাতেই আকৌ শেষ।
সমস্ত বেলাত আপুনি আগুৱাই যায়,
দূৰ দিগন্তৰ সিপাৰে।
ক্ষণস্থায়ী মানৱ জীৱনটোত,
শিক্ষকতাৰ মহৎ বৃত্তিটোত।
জীৱন যুদ্ধত সাৰথি কৰি লৈ,
পোহৰৰ এগছি চাকি দৰে,
আনক পোহৰ বিলাইছে আপুনি।
শ শ ছাত্ৰ - ছাত্ৰীয়ে আপোনাৰ আলোকেৰে,
জীৱন কৰি তুলিলে ৰঙীন।
কোনো যদি গায়ক, অথবা অভিনেতা
আন কোনো আকৌ লেখক,
আৰু বহুতো।
দুখীয়া - নিচলা, খোজি খোৱা ঘৰৰ সন্তান,
আজি হ’ল চাকৰিয়াল।
আনকি ব্যৱসায়, খেতি বাতিত নামিল
আজি ছাত্ৰ সমাজ।
আৰু –
ভৱিষ্যতৰ সপোন বান্ধি লৈ,
এজাক কৰুণ -কৰুণী আছে ৰৈ।
পোহৰৰ চাকিগছ আজি
আন চাকিৰ লগত,
এটা ঘৰুৱা সম্বন্ধ হ’ল।
পিছে সময় টুটি আহিল,
সময়ৰ লগে লগে বেলা এটিও অন্তৰ পৰিল।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment