হেজাৰ এজাৰ পুষ্পিত
হেমাঙ্গ ঠাকুৰীয়া
এজাৰ ফুলিছে আকাশ উজ্জ্বলাই
ৰঙেৰে ভাৰিছে বাট ঘাট পাহাৰ।
দেশৰ বুকুত শতৰুৰ আঘাত,
প্রত্যাঘাতত ভু-লুণ্ঠিত কৰোঁ নপুংসকৰ অহংকাৰ।
ক্ষোভিত, ত্রাসিত দেশৰ প্ৰজাৰ কতনা হাহাকাৰ।
তথাপি ফুলিছে নভ শোভাই
প্ৰণোদীপ্ত হেজাৰ এজাৰ।
জেঠুৱা ৰ’দত জকমক কৰে এজাৰৰ পাহ
পুষ্পিত এজাৰৰ পাহে পাহে অযুত-নিযুত উছাহ,
বতাহত বিয়পায় যুগজয়ী প্ৰেমৰ সুবাস।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment