শিলৰ পোচাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

শিলৰ পোচাক

 


শিলৰ পোচাক


                             ববীতা দাস

                               তামুলপুৰ


বিষাদবোৰ ঢাকিবলৈকে

অৱশেষত তাই

এযোৰ শিলৰ পোচাক পিন্ধিলে


শৈশৱ

কৈশোৰ 

আনকি যৌৱনৰ যন্ত্ৰণাও

শিলৰ তলত লুকাই থাকিল

কোনেও নেদেখিলে।


ওঁঠ, দুই চকু অথবা আঙুলিবোৰত

লমালমে ওলমি থাকিল মৌনতা...


তাই আকাশ চাই অভিমান কৰিব নোৱাৰে -

শিলৰ তলত তাই। 

বৰষুণত মিলি যাব নোৱাৰে তাইৰ বুকুৰ বাৰিষা -

শিলৰ তলত তাই।


উজাগৰি ৰাতিৰ বতাহ জাককো তাই শিলৰ তলৰ পৰা 

শুনোৱা নাই বিষণ্ণতাৰ  জীয়া কাহিনী; 

পোচাক নামৰ শিলৰ খোলাত ভৰাই থোৱা জীৱন!!


তাই আজিও পিন্ধি আছে

শিলৰ পোচাক,

শিলৰ তলত কোনেও নেদেখা

টলবল বিষাদৰ জীয়া নৈ...


তাইৰ তপত উশাহত সৰি পৰে পপীয়া তৰা।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages