সেউজীয়া পাতৰ ছাঁ
নৰেন নৰহ
লখিমপুৰ
এটি নিৰিবিলি
পুৱতি নিশা
হাল-মৈ চহ কৰি
মৰমেৰে সোণ গুটি
ৰোপন কৰিম
তোমাৰ কোমল বুকুত
দুই-এদিনৰ পাছতেই
লহ-পহকৈ
বাঢ়ি আহিব
লাহে লাহে
পুলিটি বৰগছ হৈ
সেউজীয়া পাতেৰে
ছাঁ দিব
তাৰে ছাঁত
আমাৰ লগতে
বাটৰুৱাই
জিৰণি লʼব
আজীৱন
ৰʼদ-বৰষুণৰ
আঁৰ হৈ থিয় দিব।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment