কবিতা
ৰিন্টুমণি বৰদলৈ
ৰহা, নগাঁও
আমাৰ বাটৰ সাধু কথা শুনিবলৈ
আছে নে তোমাৰ সময়
কেনেকৈ কটাইছোঁ যন্ত্ৰণা কাতৰ দিন আৰু ৰাতি।
কেনেকৈ আছোঁ ওখ পাহাৰৰ বুকুত। কেনেকৈ আছোঁ দিনৰ পিছত দিন ধৰি ৰাতিৰ পিছত ৰাতি
বছৰৰ পৰা বছৰৰ লৈ মোৰ মাটিত।
কিমান হতাশাৰে জীৱন অতিবাহিত কৰিছোঁ কিমান পল আৰু আঘাতৰ চকুপানী মুচিছো
আকাশৰ তৰা বোৰে চাই থাকে নিৰলে-নিৰৱে সুদূৰৰ পৰা আমাক
পাহাৰ বোৰে বুকুতে লৈ থাকে
নোকোৱা বহু ইতিহাস
পোত গৈ থাকে মাটিত ৰ’দে বৰষুণে বনৰীয়া ফুলবোৰৰ জীৱনৰ গাঁথা।
সময়ৰ শোকাকুল উপত্যকাত কিহৰ তাড়নাৰে আছোঁ জীয়াই মৃত প্ৰায় নদীৰ দৰে
কেনেকৈ মৰহি শুকাই গৈছে বুকুৰ কুঁহি পাত।
কেনেকৈ মৃত্যুৰ স’তে যুঁজিছো
কেনেকৈ প্ৰাপ্যৰ পৰা হৈছোঁ বঞ্চিত
কেনেকৈ চকুলো টুকিছো আমি আমাক বিচাৰি
বিচাৰি আছোঁ আমাৰ পৰ্ব পুৰুষৰ হাড় আৰু শিলৰ ইতিহাস।
আছে নে ক’ৰবাত ৰৈ এটা নতুনৰ দিন, এটা নতুন প্ৰভাতী পুৱা।
এপাহ বেলি ফুল আৰু মাটিৰ শিপা।
বছৰৰ পৰা বছৰ ধৰি, ঋতুৰ পৰা ঋতু ধৰি কেনেকৈ আছোঁ বুকুত আমখাল পাহাৰৰ এচটা শিল লৈ
কঢ়িয়াই আছোঁ এটা ভীম ৰাজ চৰাই বুকুৰ খোৰোঙত লৈ
কঢ়িয়াই আছোঁ দাঁতি চহৰীৰ বিষাদ ইতিহাস
আদিম ধূনা গছৰ প্ৰাচীনতা আকোঁৱালি কেনেকৈ আছোঁ জীয়াই
মাটিৰ শিপাৰ কথা ক’বলৈ।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment