নৈপৰীয়া সৈৰিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

নৈপৰীয়া সৈৰিক

 


নৈপৰীয়া সৈৰিক


                                  প্ৰশান্ত টাইদ

                                     লখিমপুৰ


হলকৰ্মত মতলীয়া তুমি নৈপৰীয়া সৈৰিক

তুমি সুগন্ধি ভূঁইৰ অপত্য

তুমি বৎস এই নিসৰ্গৰ

তুমি এই গিৰিকৰ্ণিকাত 

শ্ৰমৰ কঠোৰ বিনিময়ত

উপভোগ কৰি আছা

অবিলাসীৰ যন্ত্ৰণাময় 


নাই তোমাৰ উপভোগৰ কোনো সামৰ্থ্য

সেই চহৰীয়াৰ বিলাসিতা

তাৰ উপমানত তেনেই অনুষ্টুপীয়া

যাৰ নাই কোনো একটিয়াৰ

সাজিবলৈ পুৰীৰ হৰ্ম্য

তথাপি নোহোৱা তুমি পৰান্নজীৱী


তুমি এই চাকিনৰ হামচৈয়া বাসী 

য’ত নাই যাতায়াতৰ সুগম্য মাৰ্গ

য’ত নাই ৰোগীক প্ৰতিকাৰৰ

উপযুক্ত চৰকাৰী ডাক্তৰ-খানা

য’ত নাই উজ্জ্বলাবলৈ শৰ্বৰ বক্ষত 

বিজুলীবাতিৰ উজ্জ্বল আভা

তথাপি তুমি জীৱনৰ সংগ্রামত

কদাপি নোহোৱা সোৰোপা।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages