স্তৱক
দীপালী বৰুৱা
(১)
তুমিও জানা
মইও জানো
এৰি অহা বাটেৰে উভতিব নোৱাৰি
তুমি বুদ্ধ হ’ব খুজিছিলা
আৰু মই নদী
সেই বাবেই চাগে
মোৰ বুকুৰ উপত্যকাত গঢ়ি গ’লা সভ্যতা ।
(২)
সময় ওচৰ চাপি আহিছে বুলি জানিলে
হাঁহাকাৰ কৰি উঠে জীৱনে
বাকী থকা সপোনে
অসম্পূৰ্ণ পৰিকল্পনাবোৰে
আগুৱাবলৈ থকা বাটে
বাৰে বাৰে পাছলৈ হে টানিব খোজে
অথচ….
মই উভতিব নোৱাৰোঁ
তুমিও উভতিব নোৱাৰা
কোনেও উভতিব নোৱাৰে
নিষ্ফল বেদনাত
বুকুৰ চৰাইটোৱে কৰুণ সুৰেৰে
অহৰহ কুৰুলিয়াই থাকে মাথোঁ।
(৩)
জীৱনৰ ছাঁ গচকি গচকি
গৈ থাকা সেন্দুৰীয়া আলিয়েদি
যাত্ৰা পথত তোমাৰ ভৰিয়ে
কেতিয়া কিমান খাজ কাটিলে
তুমি গমকে নাপাবা।
(৪)
দেওলগা শব্দবোৰ নক’বি অ’ বোপাই
তই দেখোন জানই
মোৰ যে একোৱেই নাই।
উদং পথাৰ
উদং ভঁৰাল
হিতাধিকাৰী হোৱাৰ পৰাই।
জানিও নাজানো
দেখিও নেদেখো
বুজিও নুবুজো
দিনকণা হৈ আছোঁ জীয়াই।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment