বৰষা মোৰ প্ৰিয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

বৰষা মোৰ প্ৰিয়



 বৰষা মোৰ প্ৰিয় 


                                 সদানন্দ হাজং

                                           শদিয়া


বৰষা যেতিয়া নামি আহে

হদয়খন কোমল হৈ সাঁতোৰিব খুজে 

নামি আহে বিধস্ত হৈ 

মোৰ অন্তৰ আত্মা 

বৰষাৰ বিজুলী ঢেৰেকনি

মোৰ কাণ ফাটো ফাটো

বৰ ভয়ানক শব্দ 

বৰষা যেতিয়া নামি আহে 

হৃদয়খন কোমল হৈ সাঁতোৰিব খুজে

ফাটি যোৱা ৰেইনকুটৰ ভিতৰলৈ 

এটোপাল দুটোপালকৈ

পানী সোমাই সোমাই হৃদয়খন

তিয়াব খুজে আকৌ শুকাই যায় 

শুকাই যায় মোৰ হৃদয়

আজি মই শুকাই গৈছোঁ 

বৰষা আতৰি গ’ল

 ডাৱৰ হৈ বহু দূৰৈত 

নাজানো অকস্মাৎ কিয় 

 আঁতৰি গ’ল

অথচ বৰষা মোৰ প্ৰিয়।

কাণত বাজি থকা শব্দ 

উৰি গ'ল

কাৰণ বৰষা আঁতৰি গ’ল।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages