মই মোক বিচাৰি
অবিনাশ বাস্তৱ
ঈশ্বৰৰ তৃতীয়খন চহৰত
মই সাৰে আছোঁ।
গোটেই চহৰখনতে মই মোক বিচাৰি ফুৰিছোঁ।
এখন ধোঁৱাময় আকাশ,
মোৰ চহৰতো আজি কাৰ্ফিউ।
মই মোক বিচাৰি হাতখন আগবঢ়াই দিওঁতে
নাকত লাগিল চিনাকী চিনাকী গোন্ধোৱা
এটি অচিনাকী গোন্ধ।
(আচল কথা এই চহৰত পুৰুষে পুৰুষক খায়)
এই চহৰৰ পুৰুষ এজনে অবাঞ্চিত চাৱনিৰে মোৰ ফালে চাই আছিল।
অবাঞ্চিতভাৱে আজুৰি আনিব খোজোতেই
ভুলতে হ’লেও হাতত হাত লাগি
হৃদয়ত ৰোপিত হ’ল এপাহি ৰক্তজৱা।
চকুত চকু পৰি তেওঁৰ মৰমৰ তাড়নাত
হৃদয়ৰ অন্তহীন অনুৰক্তি।
মই যেন তেওঁৰ সমতল বুকুৰ মাজত সোমাই পৰিম,
সেউজীয়া উশাহত উপঙি ৰ’ম,
দুয়োৰে টি চাৰ্ট ভিজি ভাহি অহা
ঘৰ্মাক্ত দেহৰ কোহোঁমিয়া গোন্ধত জী ৰ’ব
মোৰ হেঁপাহবোৰ।
খেপিয়াই ফুৰিম তেওঁৰ পেশীবহল বাহুৰ ওপৰেদি
উঁইসাফলুৰ দ্বীপত বহি থকা দুটা হুদু।
হ’ব পাৰিব নে তেওঁ মোৰ বাবে
উভালি নপৰা এজোপা গছ ?
যদি পাৰে
তেন্তে মইয়ো এডাল নিচিগা লতা হৈ বগাই যাম
তেওঁৰ শৰীৰৰ পৰা হৃদয়লৈ...
কেতিয়াবা উদং বুকুৰ ওপৰেদি আৰু কেতিয়াবা....!
অবাঞ্চিতভাৱে সৰি পৰিব অসত্যৰ ডালত ওলমি থকা সত্য।
আৰু লগে লগে মই চিঞৰি উঠিম
মই মোক বিচাৰি পালোঁ।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment