আশা নিৰাশা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

আশা নিৰাশা


 আশা নিৰাশা


                          ভৈৰৱ কুলি

                           বিহপুৰীয়া


আশা আৰু নিৰাশাৰ বুকুত

পোৱা নোপোৱা বেদনাৰে

মাথো আগবাঢ়িছোঁ এক

চিৰ অন্ধকাৰ বুকুলৈ।

নাজানো,

ভাগ্যত কি আছে

জীৱন যৌৱনৰ

সীমাহীন বৈচিত্ৰতাত

যৌৱনৰ কাঁইটীয়া বাটত

কোনো এক

প্ৰেমিকাৰ হৃদয়ে বিচাৰে

প্ৰেমিকাৰ অন্তৰত লুকুৱাই ৰখা

গোপন মৰম এচেৰেঙা পোহৰ

আশা নিৰাশাক এৰি থৈ

নিদিবা জানো?

তোমাৰ বুকুৰ এমুঠি মৰম।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages