কলাগুৰু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

কলাগুৰু

 

কলাগুৰু


                    বন্তি গোস্বামী 


চিৰ নমস্য ৰাভা দেব তুমি 

তোমাৰ গীতৰ সুৰত লূকাই 

আছিল বিস্তৃত সাধনা।

তোমাৰ সোণ সেৰীয়া গীতত 

গোটেই বিশ্বজুৰি মন্ত্ৰ মুগ্ধ হৈ পৰে।

তুমি অসমৰ মাটিৰ মানুহ হৈ

জনম লৈছিলা।

গীত, নৃত্য, নাটকেৰে

অসমীয়া জাতিক

বিশ্ব দৰবাৰত প্ৰতিষ্ঠা 

কৰিলা,

বিপ্লৱী, খেলুৱৈ, অভিনেতা,

চিএকৰ, ৰাজনীতিবিদ 

মুক্তি যুঁজাৰু 

তূমিয়েতো আছিলা।

কলাগুৰু ৰূপে পৰিচিত হলা 

নটৰাজ  নৃত্যৰে।

তোমাৰ গুনৰ মালা ধাৰিয়ে

অসমীয়া সংস্কৃতিৰ ভঁৰাল 

চহকী কৰিলে।

যাযাবৰী হৈয়ো আছিলা

বহু কাম কৰিলা,

ভাগৰুৱা নাছিলা

জীৱন নাটৰ নাটক

সামৰি

অসমৰ আকাশত

ভোটা তৰা হৈ

জিলিকি ৰলা


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages