ৰুবি নেকি আঁহতৰ পুলি
অশোক ৰাম ভট্টাচাৰ্য্য
আমোলাপট্টি, নগাঁও
চৌপাশে শিহৰণ কেঁচপতীয়াৰ
জনাইছে বসন্ত ৰাণীক স্বাগতম
প্ৰকৃতিপ্ৰেমীৰো থৌকি-বাথৌ মনৰ আকাশ
প্ৰকৃতিপ্ৰেমী মঞ্চৰ গছপুলি ৰোপণ,
প্রজ্ঞাৰ, সৌন্দৰ্যৰ সাধকযে মৰিগাঁওবাসী
প্ৰকৃতিপ্ৰেমী বন্ধুগন আপ্লুত হলো
বিনামুল্যে অম্লজান বিলাবা চৌদিশে
উদ্দেশ্য মহান হ'লেই জীৱন সাৰ্থক
প্ৰকৃতিপ্ৰেমীক জনাইছো প্ৰণিপাত
সহযোগ কৰিব সবে, প্ৰতিশ্ৰুতি দিলোঁ;
যুদ্ধবাজৰহে অদমনীয় ৰণ তৃষ্ণা
চাৰখাৰ ৰাজপথ ইউক্রেইনৰ
দুই যুদ্ধবাজৰ আসুৰিক মায়া--
বতাহত সৌৱাযে বিষ কাৰ্বন মনক্সাইড
শিশু, অন্তসত্তা কাৰোয়েই ৰক্ষা নাই
ৰক্তাক্ত ৰাজপথ, চিকিৎসালয় আদি
লক্ষ লক্ষ জনতাৰ মুল্য নাই,
যুজি আছে নৰপিশাচ দুই অভিমানী
দুয়োৰে ভাহি আছে ৰণ উন্মাদ ভাষা
ৰং চাইছে নৰপিশাচে লুকাই লুকাই-
প্ৰকৃতিৰ পৰিৱৰ্তন হৈছে হেৰৌ মুৰুখ
গজাব পাৰিবি জানো বনৰীয়া ফুল
তহঁতো সলনি হ, নেখেলিবি তেজৰ ফাকু
ৰুবি নেকি এটি আঁহতৰ পুলি।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment