হাজং জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ বাইছ তথা বাস্তু উৎসৱ
সদানন্দ হাজং
চিলাপথাৰ, ধেমিজি
বাইছ বা বাস্তু উৎসৱঃ
অসমীয়া নৱবৰ্ষ তথা ব'হাগ মাহত হাজংলোকসকলে পৰম্পৰাগতভাৱে অতীজৰে পৰাই বসন্তকালীন উৎসৱ বাইছ বা বাস্তু উৎসৱ তথা গাঁও পূজা আৰু পাবনী উৎসৱ উদযাপন কৰি আহিছে। এই উৎসৱ কোনো ধৰণৰ বহল ভিত্তিত নৃত্য-গীতৰ কাৰ্যসূচী আয়োজন নকৰে যদিও বাইছ শলী বা বাস্তু থানত হাৰ্মোনিয়াম, খোল, তাল, ধামা (কাঁহ), শংখ আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি সমাজৰ বয়োজ্যেষ্ঠ পুৰুষসকলে পুৰুষৰ শাৰীত আৰু মহিলাসকলে মহিলাৰ শাৰীত একেলগে বহি বাইছশলীত স্থাপন কৰা দেৱ-দেৱীৰ উদ্দেশ্যি কীৰ্তন নতুবা নাম গায়। বাইছদেৱে মূলদেৱতা হোৱাৰ বাবে ব’হাগ মাহৰ বাইছ তাৰিখে কোনো কোনো অঞ্চলত এই পূজাৰ আয়োজন কৰা পৰিলক্ষিত হয়। যিবোৰ অঞ্চলত ব'হাগৰ বাইছ তাৰিখে এই উৎসৱ উদযাপন নকৰে সেই অঞ্চলসমূহত সুবিধা অনুসৰি ব’হাগৰ যিকোনো তাৰিখত এই উৎসৱ পালন কৰে। বাইছ বা বাস্তুশলীত প্ৰতিটো দেৱ- দেৱীৰ নামত মাটিৰ থাপনা সাজি পূজা কৰে নাইবা শিলক দেৱতা ৰূপে বিশ্বাস কৰি পূজা কৰে। কোনোধৰণৰ প্ৰতিমূৰ্তি স্থাপন নকৰে। এই বাস্তু থানত বিশেষকৈ মা কামাখ্যা, ভদ্ৰ কালী, শ্মশান কালী, শীতলী কালী, পাবনী, খাংখাঙী, হাংহাঙী, আন্দাহুৰা, হমহমী, দমদমী, বাৰগোপাল আদিৰ লগতে অনেক দেৱদেৱীক পূজা কৰে। পূজা সমাপন কৰা লোকজনক ‘ডিপচী’ আৰু বলি বিধান কাৰ্য সমাপন কৰা লোকজনক নংটাং বুলি কোৱা হয়। এই পূজা সমজুৱাভাৱে আয়োজন কৰে। এখন গাঁৱত কেইবাটাও পৰিয়াল লগ হৈ এখন গিয়াতী অথবা সমাজ গঠন কৰে। এখন গাঁৱত কেইবাটাও গিয়াতী থাকে। গিয়াতীৰ লোকসকলে এই পূজা আয়োজন কৰে। সেইবাবে এখন গাঁৱত বহু কেইখন বাইছ পূজা বা গাঁও পূজা বা বসন্ত উৎসৱ উৎযাপন কৰা দেখা যায়। এখন গাঁৱত বহুকেইখন বাস্তু পূজা কৰাৰ মূল কাৰণ হৈছে যেতিয়া তেওঁলোকৰ গিয়াতীৰ মাজত বিশৃংখল বা খেলিমেলিৰ সৃষ্টি হয়। তেতিয়াই পৃথক হৈ লগে লগে আন এটা গিয়াতী গঠন কৰে। অৱশ্যে গিয়াতীৰ মাজত কোনো অমিল বা খেলিমেলি নাথাকিলে যিমান ডাঙৰ গাঁও নহওঁক লাগিলে কেৱল এখনহে গিয়াতী থাকে আৰু সেইখন গাঁৱত এখনহে গাঁও পূজা আয়োজন কৰে। এই পূজাত কল, আঙুৰ, আপেল ভিন্ন ধৰণৰ ফলমূল, গাখীৰ, পায়স আদিৰ নৈবেদ্য আগবঢ়ায়। এই পূজাত মহিলা সকলে ঘৰ দুৱাৰ লেপি মচি গা পা ধুই নিজকে সজাই-পৰাই প্ৰথমতে গৃহদেৱতাক উপাসনা কৰে। ইয়াৰ পিছত মহিলা সকলে জাতীয় পোছাক ৰাঙাপাটিন, আগন আৰু বয়োজ্যেষ্ঠ পুৰুষ সকলে গামোচা পিন্ধি ডিঙিত গামোচা লৈ পূজাস্থলীলৈ যায়। বসন্তকালীন উৎসৱ বাইছ বা বাস্তু বা গাঁও পূজাত পুৰুষ-মহিলা, ল’ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে গাত উলাহৰ অনুভূতি দেখা যায়। পূজাস্থলীত উপস্থিত থকা সকলোৱে অপায় অমঙ্গলৰ পৰা পৰিত্ৰাণ পাবলৈ এমূৰৰ পৰা সকলো দেৱ-দেৱীক সেৱা কৰি আশীৰ্বাদ লয়। এই উৎসৱত ডেকা-গাভৰুৱে পৰস্পৰে মনে বিচৰা জীৱন সংগীও বাছনি কৰাৰ নিয়ম আছিল। সাধাৰণতে এই উৎসৱ তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সম্পন্ন হোৱাৰ পিছৰে পৰাই খেতিয়ক সকলে নাঙল, যুঁৱলি, মৈ আৰু গৰু লৈ ভোগদৈ পথাৰখনত ভৰি দিয়ে শইচ উৎপাদনত। লাহে লাহে পৰিয়ালৰ সকলোৱে ব্যস্ত হৈ পৰে শইচ উৎপাদনত। তেওঁলোকে বসন্ত উৎসৱত বাইছ বা বাস্তু বা গাঁও পূজা আয়োজন কৰে যদিও কাতি, আঘোনত ন খাবলৈ বাস্তু পূজা অতি উলহ-মালহেৰে আয়োজন কৰে আৰু কোনো কোনো অঞ্চলত মাঘ মাহটো এই পূজা আয়োজন কৰা পৰিলক্ষিত হয়। বাস্তুথানত হাতী আৰু ঘোঁৰাৰ প্ৰতিক ৰখা হয়। বাইছশলী বা বাস্তু থান চুবুৰিৰ পৰা নিলগৰ আওহতীয়া ঠাইত এই থান স্থাপন কৰে। লক্ষ্য কৰিলে দেখা যায় যে, বাস্তুথানত বট বৃক্ষ এজোপা হ'লেও থাকে। পূজাৰ পৰৱৰ্তী সময়ত বাইছশলী অলপ অলপ ঘাঁহ বনেৰে আবৃত হৈ থাকে।কাৰণ পূজাৰ পৰৱৰ্তী পৰ্যায়ত বাস্তু থানত বিশেষ কোনো ধৰণৰ কাম নাথাকে আৰু মানুহৰ সমাগমো নাথাকে। যিসময়ত বাস্তু থানত পূজা আয়োজন কৰিব লগা হয় সেইসময়ত সমাজ তথা গিয়াতীৰ লোকসকলে আগতীয়াকৈ চাফ চিকুণ কৰি ৰাখে।
পাগ্লা বাস্তু পূজাঃ
হাজংসকলে কেইবাখন গাঁও তথা সমাজ মিলিত হৈ এই পূজা আয়োজন কৰে। জনশ্ৰুতি মতে প্ৰায় দুশ বছৰ পূৰ্বে দশকাহনীয়া হাজং অঞ্চলত কোনোবা এটা বছৰত অনাবৃষ্টি আৰু অতিপাত খৰাং বতৰ দেখা দিছিল। অতি খৰাং বতৰৰ ফলত কৃষি ভূমি নিৰস হৈ চিৰাল ফাঁট দিছিল। কৃষিজীৱী হাজং লোকসকল বৰষুণৰ পানীৰ কাৰণে হাহাকাৰ কৰিছিল। সেই অঞ্চলত এগৰাকী নবান নামৰ জনৈক সংসাৰ বিৰাগী হাজংলোক আছিল। তেওঁ কোনো যোগসিদ্ধ মহাপুৰুষৰ কৃপা প্ৰাপ্ত সাধুলোক আছিল। নবানৰ দৈনন্দিন জীৱন ধাৰণ পদ্ধতি সাধাৰণ সাংসাৰিক লোকৰ দৰে নাছিল। সেইবাবে সাধাৰণ মানুহে তেওঁক নবান পাগ্লা বুলি অভিহিত কৰিছিল। এইজন নবানেই কৃষিজীৱী লোকসকলৰ কল্যাণাৰ্থে দশকাহনীয়া অঞ্চলৰ ভালুকা গাঁৱৰ শুকান খেতি পথাৰত প্ৰথম বাইছ অথবা বাস্তু পূজাৰ আয়োজন কৰে। তেওঁৰ এই পূজাত সেইখন অঞ্চলৰ কৃষিজীৱী হাজং লোকসকলেও অংশ গ্ৰহণ কৰে। এই পূজা কৰা হৈছিল ব'হাগ মাহৰ প্ৰথম শুক্ল পক্ষৰ বৃহস্পতিবাৰৰ দিনা। সমস্ত দিন পূজাৰ কাৰ্যসূচী অতি উলহ-মালহেৰে চলি থাকিল। শুক্ৰবাৰে পুৱতিনিশাৰ পৰা পাৰ চৰাই,পঠা ছাগলী আদি বাস্তু দেৱতাৰ নামত উচৰ্গা কৰিছিল। অৰ্থাৎ কোনো কোনোৱে দেৱতাৰ নামত মুক্ত মনেৰে পাৰ চৰাই, পঠা ছাগলী আদি বলি দিয়াৰ লগতে এৰিও দিছিল। পূজা সম্পূৰ্ণ হোৱাৰ পিছত সেইখন অঞ্চলত মুষলধাৰ বৰষুণ নামি আহিল। ফলত কৃষিজীৱী হাজংলোকসকলে অনাবৃষ্টি খৰাং বতৰৰ পৰা পৰিত্ৰাণ লাভ কৰে। তেতিয়াৰে পৰা হাজংসমাজে প্ৰতি বছৰে ব'হাগ মাহৰ প্ৰথম বৃহস্পতিবাৰে ৰাজহুৱাভাৱে এই পূজা আয়োজন কৰি আহিছে। নবান পাগ্লা নামৰ সিদ্ধ ভকতজনে এই বাস্তু পূজাৰ সূচনা কৰা বাবে পৰৱৰ্তী পৰ্যায়ত পাগ্লা বাস্তু নামেৰে এই উৎসৱটি সকলোৰে মাজত জনাজাত হৈ পৰে। পাগ্লা বাস্তুৰ মূল দেৱতা হৈছে শিৱ। ইয়াত কেৱল ভগৱান শিৱক উপাসনা কৰা হয়। আৰম্ভণিতে বৰষুণৰ কামনাৰে এই পূজা অনুষ্ঠিত হয় যদিও পৰৱৰ্তী সময়ত বিভিন্ন জনে বিভিন্ন মানস কৰি এই পূজা কৰি আহিছে আৰু তাৰ সুফল লাভ কৰে বুলি সকলোৰে বিশ্বাস। এই বাস্তু পূজাৰ পদ্ধতি আন আন দেৱ-দেৱীৰ পূজাৰ পদ্ধতিৰ সৈতে কিছু পৃথক।এই বাস্তু দেৱতাৰ থান উত্তৰ মুখী। পূজাত বিভিন্ন ফলমূলৰ লগতে গাখীৰ,চেনি,মিঠাই আদি আগবঢ়ায়। পাৰ চৰাই, পঠা ছাগলী আদি উচৰ্গা কৰা হয়। বৰ্তমান বহুকেইখন অঞ্চলত এই পূজা ও মেলাৰ আয়োজন কৰা দৃষ্টিগোচৰ হয়। এই পূজা ও মেলা বৃহস্পতিবাৰে ৰাতিপূৱাৰ পৰা সমস্তদিন চলি থাকে। এই পূজাত বিভিন্ন অঞ্চলৰ হাজং লোকসকলৰ উপৰিও আন আন সম্প্ৰদায়ৰ লোকসকলেও পূজা কৰিবলৈ আহে। বহুতে হাজৰ হিচাপে ক্ৰমে কল, চেনী, গাখীৰ, ফলমূল, বাটাছা আৰু কোনো কোনোৱে মানছিত (মানস) কৰি থোৱা কিম্বা ভালে কুশলে থকিবৰ বাবে বা অপায় অমঙ্গলৰ পৰা পৰিত্ৰাণ পাবলৈ পাৰ চৰাই, পঠা ছাগলী উচৰ্গা কৰে। হাজৰদিয়া পাৰ চৰাই, পঠা ছাগলী শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৩:০০ বজাৰ পৰাই পূজাৰী ও নংটাং সকলে টুপনি নোযোৱাকৈ ৰাতি উজাগৰে থাকি পুনৰ পূজা -পাত কৰি বলি-বিধানৰ কাম চলাই নিয়ে। পূজাৰীসকলে প্ৰায় এমাহ নিৰামিষ খাই পূজাৰ দিনা উপবাস থকাৰ লগতে পূজাৰ দিনাখন গাঁওখনে উপবাস থাকিব লাগে। বৰ্তমান ধেমাজি জিলাৰ চিমেনমুখ গাঁওপঞ্চায়তৰ অন্তৰ্গত শ্ৰীৰামপুৰ গাঁৱত, দৰং আৰু ওদালগুৰি জিলাৰ ধনশ্ৰী হাজং গাঁৱত, গোৱালপাৰা জিলাৰ ৪নং মাটিয়া কদমতলা, গোৱালপাৰা জিলাৰ ধামৰ, চিৰাং জিলাৰ বিজয়পুৰ বা বিষ্ণুপুৰ, মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰোপাহাৰ জিলাৰ আমতলি গাঁও আৰু ব'হাগৰ শেষৰ অমাবস্যাৰ পিছৰ বৃহস্পতিবাৰে হোজাই জিলাৰ ১নং দেৰাপথাৰ গাঁৱত প্ৰতিবছৰে ব’হাগ মাহত হাজংসকলে অতি উলহ-মালহেৰে পাগ্লা বাস্তু পূজা ও মেলাৰ আয়োজন কৰে। বিশ্বাসযোগ্য যে, পাগ্লা বাস্তু পূজাৰ দিনা অলপ হ’লেও বতাহ-বৰষুণ আহে। তাৰোপৰি ব'হাগত সকলো হাজং গাঁৱতে সকলো গিয়াতীৱে প্ৰতি বছৰে ভাল দিন বাৰ চাই হাজংসকলৰ মূল পূজা বাস্তু পূজাৰ আয়োজন কৰা পৰিলক্ষিত হয়। সমস্ত পূজাত নৈবেদ্য গ্ৰহণ কৰে। বাস্তু পূজাই হাজং জনগোষ্ঠীৰ মূল পূজা অথবা সমজুৱা পূজা। ইয়াৰ উপৰিও বছৰৰ আন আন ঋতুত ঋতু অনুযায়ী আন আন পূজা তেওঁলোকে অতিজৰে পৰা আয়োজন কৰি আহিছে।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment