অসমাপ্ত চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

অসমাপ্ত চিঠি

 


অসমাপ্ত চিঠি 


                         বাংলা কবিঃ অমিতাভ মিত্ৰ

               তৰ্জমাঃ ড° ইকবাল হোচেইন খান


তোমাক লৈ চিঠি এখন লিখিবলৈ বৰ ইচ্ছা হৈছিল –-

এটা নিজম নিস্তব্ধ ৰাতিত লিখিবলৈ বহিলোঁ।

বগা কাগজত আৰম্ভ কৰিলোঁ,

ৰঙা চিয়াঁহিৰ কলমেৰে।

আৰম্ভণিতেই উছোঁট খালোঁ –

বাধা হৈ পৰিলা তুমিয়েই।

কি বুলি সম্বোধন কৰিম তোমাক।

হৃদয়ৰ মাজতেই কেৱল তোমাৰি অস্তিত্ব।

মোৰ ভাব হ’ল সম্বোধন কৰাটো মনৰ ভ্ৰম –

সঁচাকৈয়েই চিঠিখন যদি চিঠি হৈ উঠে,

মোৰ উজাগৰী ৰাতিৰ শ্ৰম সাৰ্থক হ’ব।


প্ৰভাতৰ প্ৰথম সূৰুজৰ কিৰণ মোৰ ঘৰত পৰাৰ লগে লগে,

মোৰ হাতৰ কাগজ-কলম আলোকিত হৈ উঠিল।

তন্দ্ৰাচ্ছন্ন চকু মেলি দেখোঁ,

চিঠিখন লিখা তো নহ’ল।

বগা কাগজ বগা হৈ আছে অতি পৰিষ্কাৰ হৈ –

তাত গোলাপৰ তেজ ৰঙৰ চিহ্ন পৰা নাই।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages