মৌন হৃদয়
নিৰৱপ্ৰিয়া
ছৈখোৱা, তিনিচুকীয়া
অন্তলীন নীলিমতাৰ
এজাৰৰ হাজাৰ বেজাৰত
আশ্ৰয়ত মৌন হওঁ
মই প্ৰতিদিন।
কলিজাৰ ৰঙা
সোণাৰুৰ হালধীয়াত
নিবিড় সান্ধ্য ৰাগত
গোপন অভিসন্ধি নাই
যদিও মিলিত হওঁ
গোপনা আলাপত
যত ভৰি থাকে তোমাৰ মোৰ
নিসংগতাৰে ভৰা সময়বোৰ
ভাল লাগে মোৰ
দিশহাৰা হৃদয়ৰ
সেই নিৰৱ আহ্বান
সেইহে নিৰ্জনতাৰ
অৰণ্যত স্তব্ধ সময়
আমাৰ মধুৰ সময়
এন্ধাৰৰ বাটত দেখোন
নিজেই জ্বলাওঁ কৃত্ৰিম পোহৰ
জিক মিক চাকি
হেৰাব বিচাৰে জীৱনৰ
চিনাকী বাটৰ সুহুৰি।।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment