ফোপোলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

ফোপোলা

 

ফোপোলা


                    মনোৰঞ্জন পেগু

                  গোগামুখ, লটাক


মোৰ বাহিৰত এখন পৃথিৱী।

যত শূণ্যতাৰ কেশ-বিন্যাস

তৃষ্ণাৰ্ত্ত লগন।

ইপাৰ-সিপাৰ বহুপাৰ

একান্ত তথাপিও ক্লান্ত,

মৌনতাৰ মুখা।

বিলাসী ৰঙীন কৰ্তৃত্ব 

আশাৰ পৰশ,

অলপ পৰ বিমূৰ্ত।

ওঁঠৰ কেন্দ্ৰৰ মাজেৰে লাগি থকা 

এটা প্ৰত্যাহ্বানেৰে নিৰ্মিত 

ৰঙা ফিতাৰ কঠিন তলা।

সময়ৰ সোঁতত অস্পষ্ট

প্ৰত্যুত্তৰেৰে আবৃত্ত চাবিত 

হালধীয়া মামৰ।

ব্যক্তিত্বৰ মাজে মাজে খোঁচা 

তথাপিও বিন্ধা, সৰন্ধ্ৰ

সৰকি সৰকি যা।


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages