এইয়াই হ’ল মহানগৰীৰ আবেলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

এইয়াই হ’ল মহানগৰীৰ আবেলি

 

এইয়াই হ’ল মহানগৰীৰ আবেলি 


সুখলতা টাইদ 

ধেমাজি


এয়া নগৰীৰ আবেলি 

গাওঁৰ  সেই সোন বৰণীয়া, বেলিৰ পোহৰ চোন নাই 

সূৰ্যস্নাতা ৰূপালী জীৱন বৃক্ষৰ ৰিক্তশিখা 

পোহৰৰ বাট নাই, নাই কোনো সূৰ্যৰ ৰং

এইয়াই হ’ল মহা নগৰীৰ আবেলি।


এইয়া নগৰীৰ আবেলি 

চন্দ্ৰ পোহৰৰ সলনি বিজুলীৰ  দৃষ্টিত

গাওঁৰ নদন-বদনৰ সলনি ইংৰাজী নাম।

অট্টালিকাৰ ভীৰৰ আঁৰত কোন ক'ত 

গমকে নাপায়।

এইয়াই হ’ল মহা নগৰীৰ আবেলি


এইয়া হ’ল নগৰীৰ আবেলি 

ক্ষত বিক্ষত দেহাৰে ককাৰ বয়সৰ,

ভিক্ষা মাগি, মাগি নাপায় যেন আহৰি।

নাই কোনো আশ্ৰয়, নাই কোনো লোক,

নাই কোনো সহায়ৰ হাত

এইয়া হ'ল মহা নগৰীৰ আবেলি।


এইয়া হ’ল নগৰীৰ আবেলি 

ক’ৰবাত এন্ধাৰ গলিত সুন্দৰীৰ ভীৰ

কোন আপোন, কাৰ আপোন, চিনিবকে নোৱাৰি

টকাৰ লালসাত পৰি।

এইয়াই হ’ল মহা নগৰীৰ আবেলি।


এইয়া হ’ল নগৰীৰ আবেলি 

ইয়াতে ফুলে পবিত্ৰ সুগন্ধি ফুল, সুৱাস বিলাই 

ধুনীয়া ফুলৰো গুন্ধ নাই, বাসনাত সলাই।

ইয়াৰ পাছতো ফুলিব সূৰ্যমুখী ফুল

ওলাব বেলি টিকটিকিয়া কৈ

ন ন ৰূপৰ ন ন আশাৰে 

এইয়াই হ’ল মহা নগৰীৰ আবেলি 


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages