মায়াবিনী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

মায়াবিনী


 মায়াবিনী


                   প্ৰৱীণ ৰাজবংশী

                  জাজৰি, মৰিগাঁও


তুমি আকৌ উভতি আহিবা

মায়াবিনী ৰাতি

কোন তুমি কবিতাৰ শব্দ 

ভাষাৰ যে তুলনা নাই তোমাৰ

জোনাকী দেশৰ শব্দৰ গাথাঁ

ভাল লগাৰ পৰা ভাল পোৱালৈ।


তুমি আকৌ উভতি আহিবা

মায়াবিনী হৈ নাহিবাচোন

জীৱনৰ শুকান মূলুকলৈ

আহিবা এসাগৰ সতেজ

সেউজীয়া কবিতাৰ শব্দ হৈ

যত বিচাৰি পাম

সঁচা মানৱতাৰ অলেখ গাথাঁ।


তুমি আকৌ উভতি আহিবা

মায়াবিনী উঠত মাথোঁ

তোমাৰেই শব্দৰ কবিতা 

মায়াবিনী নিশা কোন তুমি

আহিবা এদিন 

নিভাঁজ জোনাক নিশা

হেঁপাহৰ জোনাকী দেশৰ 

কবিতাৰ কথা পাতিম 

জোনাকৰ চোতালত।


তুমি আকৌ উভতি আহিবা

মায়াবিনী সুৰ হৈ

আকৌ এবাৰ আহিবা

একবিংশ শতিকাৰ

জণগণক জগাবলৈ

এই সেউজীয়া ধৰালৈ

একাজলি সতেজ মায়াবিনী শব্দ হৈ 

আহিবা উভতি সুৰৰ ঝংকাৰ হৈ 

এটি জোনাকৰ মায়াবিনী নিশা।।


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages