জুবিন তোমালৈ
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
সাগৰ ভালপোৱা ল’ৰাজন
সাগৰতে টোপনি গ’ল
কোনেও ঢুকি নোপোৱা ঠাইলৈ চিৰদিনলৈ
চে-গুৱেভাৰা, বিষ্ণু ৰাভা, চাৰ্লি চেপলিনৰ আদৰ্শেৰে
এক শক্তিশালী ব্যক্তিত্বৰ গৰাকী আছিলা তুমি।
নিজৰ দেশক ভালপোৱা
জাতিক ভালপোৱা
দুৰ্গতজনৰ হাতৰ
লাখুটি আছিলা তুমি।
তুমি কৈছিলা
কিতাপ নপঢ়া মানুহক
গামোছাই বচাব নোৱাৰে।
কিমান উচ্ছ আছিল
তোমাৰ ভাৱনা।
তুমি কৈছিলা
তোমাৰ মৃত্যুত গাবলৈ
“মায়াবিনী ৰাতিৰ বুকুত”
হয় তাকেই গাইছে
আজি সকলোৱে।
কিন্তু সেই গানেৰে তোমাক
বিদায় দিব নোৱাৰো জুবিন।
তুমি আছা আমাৰ মাজত
তুমি থাকিবা চিৰদিন
আমাৰ মাজত,
তোমাৰ মৃত্যু নাই
হ'ব নোৱাৰে
এজন দেৱদূতৰ মৃত্যু
হ’ব নোৱাৰে জুবিন,
আকাশৰ চন্দ্ৰ সূৰ্য্যৰ দৰেই
উজ্বল নক্ষত্ৰ হৈ
সদায় থাকিবা তুমি।
এটি সৰু পবিত্ৰ শিশুৰ দৰেই
আছিলা তুমি।
সেইবাবেই পিশাচবোৰে তোমাৰ দেহটোক
তিল তিলকৈ শেষ কৰি দিলে।
কিন্তু পাৰিলেজানো
তোমাৰ অস্তিত্বৰ বিনাশ
কৰিবলে ?
নোৱাৰে কেতিয়াও নোৱাৰে
কাৰণ
আন্ধাৰেযে পোহৰক
সদায় ভয় কৰে।
সেয়েহে তোমাক আতৰাই দিলে।
কিন্তু সিঁহতে নাজানিলে
বৰং জীৱিত জুবিনতকৈ
মৃত জুবিন অধিক শক্তিশালী হ’ল।
আজি বিশ্ব ৰেকৰ্ড কৰিলা তুমি
তোমাৰ মৃত্যুৰেই।
ভাগ ভাগ হৈ থকা মানুহখিনিক
একেখন মঞ্চতে ঠিয় কৰালা,
সকলোৱে আহি একেলগে
প্ৰাৰ্থনা কৰিলে জুবিন ক্ষেত্ৰত,
তোমাৰ জীৱিত অৱস্থাত
তুমি বিচৰা সমাজখনে
যেন প্ৰাণ পাই উঠিল।
মন্দিৰ, মছজিদ, গীৰ্জা
গুৰুদ্বাৰ, বৌদ্ধৰ
পৰিধি ভাঙি এয়া কেনে
লক্ষ লক্ষজনৰ একেতি প্ৰতিবাদ
“আমাক ন্যায় লাগে
জুবিনৰ ন্যায় লাগে”
এফালে খোলতাল, দিহানাম
আনফালে মাৰোৱাৰী
নেপালী, বঙালী, বিহাৰীৰ
বৈদিক সংস্কৃত স্তুতিৰ
মধূৰ ধ্বনি।
চল্লিছটা ভাষাৰে
চৌত্ৰিশ হাজাৰ গীত গোৱা
জুবিনক হত্যা কৰি
ভাবিছানেকি
তোমালোক জয়ী হ’লা ?
সময় বৰ শক্তিশালী
সময়েই দিব এদিন
উচিত উত্তৰ।
জয় জুবিনৰ জয়
#JusticForZubeenGarg

No comments:
Post a Comment