মৰাসুঁতি
জ্যোতিষ্মান শইকীয়া
ৰহা, নগাঁও
সেই মৰাসুঁতিৰ পাতত ছাই হৈ গ’ল এক জীৱন্ত ইতিহাস ধূলিৰে গচকী নিলে
জীয়া এখিলা উকা ছবি
বাটৰ শেষত বাট চাই ৰল
ধূলি হৈ উৰিল স্মৃৰ্তি
কাহিনীৰ শেষত কাহিনী আধৰুৱা হ’ল
সপোনৰ সঁজাত আশা মুছা গল
পাহৰি গল সকলোৱে স্মৃতি
অস্তগ্ৰামী সূৰুজও সেই একেই বাটে লুকাই গ’ল
ৰ’দ গলি গলি ঢলি পৰিল সূৰ্য্য
নিশায়ে বিনালে উচুপনিত
তেওঁ আৰু নাহে ঘূৰি
তেওঁ আৰু নাহে ঘূৰি
পাৰিম জানো ৰাখিব তেওঁৰ স্মৃতি ধৰি
তেওঁৰ গীত মাতে জীপাল কৰি
কিমান দিনলৈ জ্বলি ৰব চাকিগজি
কিমান দিনলৈ চিঞঁৰিব জুবিন দা বুলি
নতুনত্বৰ সাজোনে যদি পাহৰাই তোলে
সময়ে যদি সুঁতি সলায়।
চছিয়েল মেডিয়াত যদি
ডিজিটেল প্ৰতিবাদৰ
#justiceforzubeengarg ৰ
শব্দৰাজীৰ অনুভৱকৰ চৰ্চা যদি কমি যায় ?
কিন্তু স্মৰণীয় হৈ ৰব প্ৰত্যেকটো স্মৃতি
প্ৰত্যেকটো শব্দ
আজীৱন এখন সুৰীয়া অন্তৰত স্থান ৰাখিম সযতনে।
অনন্তকালিলৈ উছৰ্গিত সৃষ্টিৰে।

No comments:
Post a Comment