কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

কবিতা

 

কবিতা


              অঞ্জলী বৰদলৈ

                    গোলাঘাট


কবিতা—

এটি মধুৰ শব্দ

মোৰ প্ৰিয় শব্দ 


শব্দ কি

শব্দ তৰংগ

শব্দ ব্ৰহ্ম—

ব্ৰহ্মই শক্তি 


শব্দ যুগুত কৰিলেই

 নহয় এটি কবিতা

কবিতা 

ধ্বনি ছন্দ অলংকাৰৰ সমাবেশ 

লগতে 

অনুভূতি চিন্তা কল্পনাৰ আবেশ


কবিতা —

সাহিত্যৰ সৰ্বপ্ৰথম শাখা

যাৰ দ্বাৰা প্ৰকাশ হৈছিল

ৰজা ৰাণী কিম্বা যুদ্ধৰ কথা 


কবিতা সৃষ্টি 

নহয় সহজ 

কবিতাই জগায় বিচিত্ৰ অনুভূতি 

কবিতাই দিয়ে প্ৰশান্তি  


কবিতা–

 সুখৰ বা দুখৰ 

প্ৰেমৰ অথবা বিৰহৰ

কলাত্মক অভিব্যক্তি


কবিতাই সাজিব পাৰে

এখন শক্তিশালী সেঁতু 

হৃদয়ৰ পৰা হৃদয়লৈ


মনলৈ অহা ভাৱবোৰ

প্ৰকাশৰ মাধ্যম হওক কবিতা

সকলোৰে প্ৰিয়তম শব্দ হৈ উঠক ‘কবিতা’


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages