নাৰী নিজেই এটা ধুনীয়া কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

নাৰী নিজেই এটা ধুনীয়া কবিতা

 নাৰী নিজেই এটা ধুনীয়া কবিতা


                                               ৰীতে ৰিদম


নাৰীয়ে কবিতা লিখিবইচোন নালাগে

কাৰণ, নাৰী নিজেই এটা ধুনীয়া কবিতা

চকুৰ চাৱনি ওঠঁৰ হাঁহি

দেহবল্লৰীত সূৰ্যৰ বিচ্ছূৰিত বৰ্ণালী


কাণত দুলি থকা কাণফুলি

গলত ওলমি থকা ঢোলবিৰি

একো একোটা সুন্দৰ কবিতাৰ শব্দ বৰ্ণৰ চেলাউৰি


নাৰী নিজেই এটা জীৱন্ত কবিতা

যাৰ নীৰৱতাত আছে বহুতো নোকোৱা কথা 

উষ্ম উশাহত পৰিসমাপ্তি হয়

হাজাৰ কবিৰ সমস্ত যন্ত্ৰনা


নাৰীৰ দুচকুত আছে আকাশৰ বিশালতা

হৃদয়ত নীল সমূদ্ৰৰ গভীৰতা

নাৰীৰ ধৈৰ্য, সহানুভূতি, ত্যাগ আৰু সহনশীলতা

একো একোটা হৃদয় স্পৰ্শী অম্লান কবিতা


নাৰী নিজেই এটা ধুনীয়া অমল কবিতা

যি কবিতাৰ শব্দ বৰ্ণ আৰু পংক্তিত আছে

স্ফটিক পানীৰ নিৰ্মলতা

হাজাৰ বছৰীয়া ৰ’দৰ উত্তাপত

ক’লা হৈ পৰা কলিজাক ধুই নিকা কৰিব পৰা


নাৰীৰ হৃদয় এটা কোমল কবিতা

যাৰ কোমলতাত খহি পৰে লোৰ শিকলি

লিহিৰি আঙুলি, কঁকাললৈ বৈ পৰা চুলি

চকুৰ চাৱনি ওঠঁৰ হাঁহি

প্ৰেমৰ কবিতাৰ ধুনীয়া ধুনীয়া শাৰী।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages