ৰঙা ৰঙা মনবোৰ ফাগুনৰ বতৰা আনে
মিত্ৰৰঞ্জন টাইদ
লক্ষীমপুৰ
মনবোৰ যেতিয়া ৰঙা হৈ উঠে
তেতিয়া - মনলৈ, দেহলৈ যৌৱন আহে
কাৰন তেতিয়া ফাগুন আহে
ফাগুনে ন- কুঁহিপাতেৰে সজোৱাৰ প্ৰস্তুতি আৰম্ভ কৰি দিয়ে- ধূলি বালি নেওচি
আমাৰ মনক আমাৰ দেহক আমাৰ মাটিক
আঘোনৰ সৰিয়হ আৰু ফাগুনৰ শিমলু
মন ভৰি ভৰি ৰং চটিয়াই যায়
লঠঙা ডালত বহি বহি মইনা শালিকী
ঠোঁটত ঠোঁট ঘঁহাই কথা পাতে
ফাগুনৰ ৰঙা বেলিটো চাবাচোন
যেতিয়া শিমলু ডালত উলমি থাকে
বেলিটো মাৰ যোৱা চাবাচোন
যেতিয়া ধূলিয়ৰি ৰঙচুৱা হয়
সৰি পৰা পাতবোৰ চুই চাবাচোন
যেতিয়া ৰ’দত শুকাই পৰি থাকে
গছৰ তলত বহি চাবাচোন অকলে
ফাগুনৰ এদিন বৰদুপৰীয়া
নৈ কাণত থিয় হৈ চাই পঠিয়াবাচোন
সিপাৰৰ চাপৰিলৈ
ফাগুন যে ৰঙা আৰু সুৰুঙা
ধূলিয়ৰী আবেলিৰ গো-বাটে
মনত পেলাই দিব
চহা জীৱন বোৰ জানো আজিৰ ফাগুনে বতৰা দিয়ে ? দিয়েনে ফাগুনৰ আচল উৰুৱাই নিয়া দুষ্ট বতাহৰ বা ?
ফাগুনে যোগাৰ কৰা বসন্তৰ ছাঁ
তাতেই পৃথিৱীক নকৈ চাবলৈ বিচৰা মনবোৰ উৰি উৰি থাকে
এই ফাগুন আহাহি
চোতালত বহাহি
তোমাৰ স’তে মনটিও দুষ্ট হ’ল
মনবোৰ ৰঙা ৰঙা হ’ল।

No comments:
Post a Comment