লৃগাঙত আহিবা
ভৈৰৱ কুলি
দহঘৰীয়, বিহপুৰীয়া
পলাশৰ ৰঙা সাজ পিন্ধি
ময়াময় কুঁৱলীৰ বগাজাল ফালি
ফাগুন আহিব লৃগাঙৰ সুগন্ধি বিলাবলৈ,
সেই ফাগুনৰ তলসৰা শেৱালীৰ
আমোলমোল সুভাষৰ মাজেৰে
আহিবা তুমি আলি আ:য়ে লৃগাঙলৈ।
মচাং এগে পিন্ধি আহিবা
ৰি:বি গাছেংখনকো মেৰিয়াই ল’বা,
বুকু উপচায় পাতিম
ভালপোৱাৰ কথা।
মেনাম তুমি আহিলে
ধূসৰ উদং পথাৰত পলাশে
সেন্দুৰ সনা ৰঙৰ পোহৰ পেলাব,
লঠঙা গছবোৰত বতাহে
কুঁহিপাত সিচিব।
লৃগাঙত আহিবি ঐ মেনাম কাংকানা
প:ৰ: আপঙৰ ৰাগীৰে দুয়ো
চকুত চকু থৈ গুমৰাগ নাচিম
আনন্দত মতলীয়া হৈ
হৃদয়স্পৰ্শী অই নিঃতম গাম
আৰু
পুৰাঙতে বান্ধি দিম
মোৰ বুকুৰ গোপন কথা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment