![]() |
বন্ধু
হেমেন হাজৰিকা
এটা অপৰিসীম শব্দ
যি শব্দৰ জোনাকত
পোহৰাৱ পাৰি
মনৰ এলেন্ধুৱা কুন্ধিবোৰ।।
বন্ধু
আমাৰ দ্বিতীয় আত্মা
ছাঁৰ দৰে লাগি থাকে
বন্ধু কৰ্ণৰ দৰে
বন্ধু কৃষ্ণৰ দৰে হওক
তাতকৈ আৰু কি লাগে ?
আমি এজন বন্ধু নোৱাৰোনে
এজন বন্ধুৰ বাবে।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment