তুমি বিহীন ভোগালী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

তুমি বিহীন ভোগালী

 

তুমি বিহীন ভোগালী


                                            চুমি দাস



উৰুকা যে আজি উৰুঙা 

কিয়নো নহব 

তুমি বিহীন আমি যে আধৰুৱা।

এইয়া প্ৰথম ভোগালী 

যত ভোগ টো আছে 

কিন্তু;

কিন্তু আবেগৰ, ক্ষোভৰ।

আয়োজন কৰিছোঁ 

পৰম্পৰা ৰক্ষাৰ্থে 

কিন্তু তুমি নাভাবিবা 

তোমাক পাহৰিছো বুলি 

তুমি থাকিবা সদায় 

আমাৰ হিয়াৰমনি।

জানো জন্ম লভিলে 

মৃত্যু যে অনিবাৰ্য 

কিন্তু তোমাৰ;

তোমাৰ টো এইয়া মৃত্যু নহয় 

তোমাৰ এই ন্যায় যাত্ৰাত 

আমি সদায় থিয় হম 

তোমাক ন্যায় প্ৰদান কৰি 

তুমি যে অমৰ হোৱা 

সেইয়া প্ৰাথনা আমি 

সদায় কৰি ৰম।

তুমি আগবঢ়াই নিয়া 

আমাৰ সংস্কৃতি 

আমি সদায় ধৰি ৰম।

সেয়েহে পৰম্পৰা ৰক্ষাৰ হেতু

পালন কৰিবলৈ লৈছোঁ 

এই মাঘ বিহুৰ ক্ষণ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages