শিল্পী দিৱস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

শিল্পী দিৱস

 

শিল্পী দিৱস 

(সেউজী ধৰণী ধুনীয়া)


 

                                     হিৰণ্য কুমাৰ নাথ


তোমাক সোঁৱৰণ কৰিয়ে আমি 

 শংখ বজালো, বৰকাহ বজালো 

তুমি নাথাকিলেও কোনো কথা নাই 

আমি গাৱঁৰ ল'ৰা ছোৱালী যেতিয়া 

 মন্দিৰ, নামঘৰত বন্তি জ্বলামেই,

আমি গাৱঁৰ ডেকা গাভৰু মিলি আইক 

পুজি প্ৰাৰ্থনা জনাব লাগিবই।

আমাৰ আগবাৰীত চম্পাজোপা

বহুত ধুনীয়াকৈ ফুলিব ধৰিছে।

তাৰেই কাষে কাষে সকলোৱে চেলফি উঠিছে।

অহিংসা শান্তিৰ বাণী প্ৰচাৰ কৰি তোমাক 

প্ৰণামিছে।

হেৰা বন্ধুসকল, আহাচোন আমি সকলোৱে 

একেলগে মিলি মাতৃপূজাৰ ভাগ ল'বলৈ দেৰি কৰো কিয়  ? 

শতযুগৰ বহুত চাকি জ্বলোৱা হ'লেই 

জনতাৰ অন্তৰে অন্তৰে আশীৰ্বাদবোৰ 

বিলাই দিছেই দেখোন।

সখীবোৰে মোৰ সপোনৰ হাঁহিটো চাই 

বহুত আনন্দ মনেৰে গান ৰচিছে,

কবিতা লিখিছে আৰু সেইবোৰৰ তালে তালে প্ৰবন্ধও লিখিছে।

সেউজীয়া পথাৰখনত বহুজনে হাতত মোবাইল লৈ সৰিয়হ ফুলবোৰৰ মাজে মাজে গৃহস্থই বান্ধি দিয়া আলিয়েদি 

তোমাৰ গানবোৰৰ তালে তালে টিক টক কৰিছে আৰু সমস্বৰে গাবলৈ ধৰিছে 

সেউজী সেউজী সেউজী 

সেউজী ধৰণী ধুনীয়া


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages