তেজৰঙা
জিণ্টু চাংমাই
চামগুৰি, নগাঁও
তোমাৰ অভিমানৰ বাৰ্তা
এতিয়া
কাক সুধিম?
ফাগুন বোলে আহি আছে
বতাহৰ তেজৰঙা চিঠিখন লৈ।
উতনুৱা হৃদয়ৰ ভালপোৱা
কেনেকুৱা
কেনেকৈ বুজিম?
তুমি যদি কোৱা ভাল পাওঁ বুলি
সৰাপাতৰ খবৰ দিয়া
ফাগুন
কেনেকৈ জুখিম।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment