আকৌ ফাগুন আহিল
পল্লী দলে
চিনাইচুক গাওঁ, যোৰহাট
ফাগুন আহিল লৃগাঙৰ বতৰা লৈ
শমলু-মদাৰো ফুলিল
তথাপিও দেখোন এইবাৰ
লৃগাং লৃগাং যেন লগা নাই গাত।
চাৰিওফালে ঢোলৰ ধ্বনি বাজিছে
পিছে মোৰ ৰিঃবি গাচেং
তাঁতশালতে আছে।
তাহানিতেই চেনাইলৈ বোঁৱা ঔৰকগখন লৈ
পদুলিমুখলৈ বাৰে বাৰে চাঁও,
কিজানি ফাগুণৰ পচুৱা বতাহে
চেনাই অহাৰ বাতৰি আনে।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment