মদাৰ ফুলৰ ছবিৰে আলি আঃয়ে লৃগাঙৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

মদাৰ ফুলৰ ছবিৰে আলি আঃয়ে লৃগাঙৰ চিঠি

 মদাৰ ফুলৰ ছবিৰে 

আলি আঃয়ে লৃগাঙৰ চিঠি


                                                  অৱনী মিলি


পুৱাতে উঠি মোৰ কাষৰ

 খিৰিকীখন খুলি দিলোঁ

নিৰ্জন পোহৰত পূৱ আকাশেদি

জিলিকি উঠিছিল ৰ’দৰ ৰেঙণি, যেন 

কোনোবা ন-কন্যাৰ শিৰৰ সেন্দূৰ।


হঠাৎ এজাক শুকান পচোৱা বতাহে

ফাগুনক উৰাই আনি কঁপালে মোৰ

বহুদিনে ঢাকি ৰখা অতীতৰ হৃদয়খন।


অৰণ্যৰ পৰা উৰি আহিছিল

গৰকীয়া ল’ৰাৰ  পেঁপাৰ  সুৰ,

কাষৰ ক্লাব ঘৰটোত বাজি আছিল

গুম্ ৰাগ্ গুম্ ৰাগ্ লৃগাং ঢোলৰ মাত।

এজাক মিচিং গাভৰু হাঁহি হাঁহি

পানী আনিবলৈ ঘাটলৈ যোৱা দেখা পালোঁ।


অ’  ফাগুনৰ প্ৰথম বুধবাৰ

মিচিংসকলৰ কৃৰ্ষি ভিত্তিক উংসৱ 

“আলি আঃয়ে লৃগাং” আহিল।

ফুলাম মেখেলা চাদৰ, মিবু-গালোগ

 হৗৰকগেৰে অই নিঃতম আৰু লঃলে নাচৰ

উজান উঠিব লৃগাংতলীত।


খিৰিকী তলৰ টেবুলত দেখা পালোঁ

ফাগুনৰ এজাক বতাহে দি থৈ গ’ল

মদাৰ ফুলৰ ছবিদি লেখা 

আলি আঃয়ে লৃগাঙৰ কাৰ্যসূচী 

যেন সেইটো আছিল লৃগাং দৃৰবৃৰ 

মৰমেভৰা “মোৰ মদাৰ ফুলৰ চিঠি”।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages