আত্মকথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

আত্মকথা

 

আত্মকথা


                   নৱজ্যোতি বৰ্মন

               মুকালমুৱা, নলবাৰী


ইমান নিৰৱতা 

ইমান বিষন্নতা 


তাৰ মাজতেই মই আছোঁ

আকাশৰ দৰে,

পথাৰৰ দৰে,

গছৰ দৰে,

নৈখনৰ দৰে,


যি আকাশৰ পৰা নামে 

মেঘৰ টোপ টোপ বিষাদ।


যি পথাৰে নিৰৱে উচুপে 

এবুকু বেদনাত

খৰাঙৰ তৃষ্ণাত

নাইবা

শুকান নৰাৰ কোলাহলত।


যি গছৰ প্ৰতিখিলা পাতত লিখা ৰয় 

সোঁৱৰণীৰ অব্যক্ত পৃষ্ঠা।


যি নৈয়ে উটুৱাই নিয়ে 

মৰা মাছ 

নাইবা ভোকাতুৰ মাছুৱৈ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages