পুৰণিকলীয়া দিনবোৰ
নৱজ্যোতি বৰ্মন
বৰতলা, নলবাৰী
পথাৰখনৰ দাঁতিত এজোপা গছ আছিল,
বহুবছৰ পুৰণি কথা।
পিতাইৰ বুকুলৈ শাওণৰ আগমন ঘটিছিল
জেঠৰ ৰ'দৰ বাটেদি।
আহাৰমহীয়া ৰাতিপুৱাবোৰত
মোৰ পিতায়ে নাঙল জুৰিছিল।
নাঙলৰ সিৰলুত খোদিত আছিল
পিতাইৰ সেউজ সপোন।
আগে আগে গৰুহাল
পিছে পিছে এটি জীৱন
মোৰ পিতাই।
ৰ'দ-বৰষুণ নপৰা এজন মানুহ।
ঘামসিক্ত দেহটো ভাগৰা নাছিল কাহানিও ।
জীৱন-সংগ্ৰামৰ অক্লান্ত সৈনিকজন মোৰ পিতাই ।
পথাৰৰ দাঁতিত এজোপা গছ আছিল ।
দুপৰীয়া নাঙল সামৰি পিতায়ে গছজোপাৰ তলত জিৰণি লৈছিল।
গৰুহাল পথাৰখনৰ এচুকতে এৰাল দিছিল।
গছজোপা পিতাইৰ আপোন আছিল,
অতি আদৰৰ আছিল।
পথাৰ, গছজোপা, গৰুহাল আৰু পিতাইৰ আন্তৰিকতা দিনে দিনে বাঢ়িছিল।
এতিয়াও মোৰ পিতাই নাভাগৰে।
নাঙলৰ মুঠিৰে স'তে আত্মিয়তা আজিও বিৰাজমান।
এতিয়া গছজোপা নাই
তথাপি পিতাই ভাগৰা নাই।
মৰহা গছজোপাৰ তলত আজিও বিৰাজমান
পিতাইৰ প্ৰতিটো হুমুনিয়াহ,
পিতাইৰ ঘামৰ টোপালবোৰ
জীৱনৰ গানবোৰ,
পিতাইৰ বুকুৰ টোপ টোপ বিষাদ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment