ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

ফাগুন

 

ফাগুন


                   জয়ন্ত শইকীয়া


(১)

গুণ গুণ ভুন ভুন

ফাগুন?

ওহো নহয় কবি

কাণৰ গণ্ডগোল 

গাভিনী গছে কান্দিছে

শুন শুন...।


  (২)

ফাগুন সিঁচা সাহিয়াল গছ

ফাগুনতে নিখোজ

কত যে নাবালক গছেও

লুকুৱাই চকুপানী

অমাত গছে

কৰিব নোৱাৰে প্ৰতিবাদ

হে কবি

তোমাৰ আছে কলমৰ মাত

কৰিব নোৱাৰা কিয়

শব্দৰে প্ৰতিবাদ !!!


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages